তেজপুৰ,9 জানুৱাৰী: ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ চেষ্টা কৰিছে চীনে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ সচিব উপেন্দ্ৰ প্ৰসাদ সিঙে । বিশেষকৈ চীনত নিৰ্মাণ হোৱা বৃহৎ নদীবান্ধৰ খবৰ ভাৰত চৰকাৰে লাভ কৰা বুলি প্ৰকাশ কৰি অসমত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে চিন্তা চৰ্চা কৰাৰ কথা প্ৰকাশ কৰিছে উপেন্দ্ৰ প্ৰসাদ সিঙে । মূলতঃ চীনৰ পৰা বৈ অহা নদীবান্ধৰ পানীয়ে অসমত সৃষ্টি কৰা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল চিয়াঙৰ ওপৰত বিশেষ ধৰণৰ প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ সচিবগৰাকীয়ে ৷ উক্ত প্ৰকল্পৰ পৰা উপযুক্ত সময়ত কম কমকৈ পানী এৰি বান নিয়ন্ত্ৰণ কৰাৰ সম্ভাবনা ব্যক্ত কৰে উপেন্দ্ৰ প্ৰসাদ সিঙে ।
আনহাতে, চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল য়াৰলং চাংপোত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে বুলি জানিবলৈ দি চীনৰ সম্পূৰ্ণ তথ্য লাভ কৰাটো জটিল বুলি উল্লেখ কৰে উপেন্দ্ৰ প্ৰসাদ সিঙে । প্ৰথম অৱস্থাত চীনে পানীৰ গতিপথ সলনি কৰা নাছিল যদিও শেহতীয়াকৈ যি প্ৰকল্প নিৰ্মান কৰিছে তাৰ পৰা বাহিৰ কৰা পানীৰ গতিপথ সলনি কৰিব বুলি ভাৰত চৰকাৰে খবৰ লাভ কৰা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ সচিবগৰাকীয়ে ৷
লগতে পঢ়কঃ অখিল গগৈয়ে জেলত কটোৱা প্ৰতিটো দিনৰ উত্তৰ 21ত ৰাইজে দিবঃ চিত্ত ৰঞ্জন বসুমতাৰী