হোজাই, 22 জুন : সকলো মৰম, ত্যাগৰ যেন অন্য এক নাম পিতৃ । পিতৃয়ে সন্তানৰ বাবেই ত্যাগ কৰে সৰ্বস্ব । কিন্তু পিতৃত্বক কলংকিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে নগাঁৱত ৷ নগাঁৱৰ ধিঙৰ গৰুখুটি চৰত পিতৃয়ে অতি নিষ্ঠুভাৱে থেকেচি থেকেচি হত্যা কৰিলে চাৰে তিনি বছৰীয়া কন্যা সন্তানক । বৰ্তমান এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ৷
মঙলবাৰে দুপৰীয়া মাৰজিনা খাতুন নামৰ শিশুটোৱে ওচৰৰে খুৰাকৰ ঘৰত লৈ যাবলৈ খাটনি ধৰিছিল পিতৃ ইনামুল হকক । পিতৃয়ে নিনিয়াত শিশুটোৱে আমনি কৰি আছিল পিতৃক । এই সাধাৰণ কথাতেই পিতৃ ইনামুল হকে খঙৰ ভমকত শিশুটোক থেকেচি থেকেচি হত্যা কৰে ৷
এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ইনামূলৰ ঘৰত উপস্থিত হয় স্থানীয় লোক । ইপিনে শিশুটো মৃত্যু হোৱাৰ পাছতেই ঘৰৰ পৰা পলায়ন কৰে ইনামুল হকে । পাষাণ পিতৃ ইনামূলক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে । সম্প্ৰতি ইনামুলক বিচাৰি ধিং আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান ।
লগতে পঢ়ক : ডিগবৈৰ ক'ভিড টিকাকৰণ কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা