ETV Bharat / state

অৰুণাচলৰ ৰাজ্যপালক সাক্ষাৎ ভাৰতীয় বায়ু সেনা প্ৰধানৰ

author img

By

Published : Jan 6, 2021, 10:38 PM IST

অৰুণাচলৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰক সাক্ষাৎ ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰধান আৰ কে এছ ভাদুৰিয়াৰ ৷ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু যুৱ প্ৰজন্মৰ নিযুক্তি আদি বিভিন্ন বিষয়ত দুয়োৰে মাজত আলোচনা ৷ ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ বাবে পূৰ্ণ সহায় সহযোগিতা প্ৰদান কৰাৰ আশ্বাস বায়ু সেনা প্ৰধান আৰ কে এছ ভাদুৰিয়াৰ ৷

chief of air staff meet arunachal governor

তেজপুৰ, 6 জানুৱাৰী: বুধবাৰে ইটানগৰৰ ৰাজ ভৱনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰক সাক্ষাৎ কৰি ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰধান আৰ কে এছ ভাদুৰিয়াই ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে ৰাজ্যখনৰ যুৱক যুৱতী সকলৰ নিযুক্তি তথা ৰাজ্যখনত ভাৰতীয় বায়ুসেনাৰ মানৱীয় মিছন সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

দুয়োৰে মাজত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু যুৱ প্ৰজন্মৰ নিযুক্তি আদি বিষয়ত আলোচনা

ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকেই ভাৰতীয় বায়ুসেনাক লৈ গৌৰাম্বিত বুলি মন্তব্য কৰি ৰাজ্যপাল গৰাকীয়ে জৰুৰীকালিন এয়াৰ লিফ্টৰ ব্যৱস্থা কৰি অৰুণাচল প্ৰদেশৰ ৰাইজৰ সৈতে বিশ্বাস সৃষ্টি কৰাৰ বাবে ভাৰতীয় বায়ু সেনাক ধন্যবাদ জ্ঞাপন কৰে ৷

ৰাজ্যপাল গৰাকীয়ে বায়ু সেনা প্ৰধান গৰাকীক নিযুক্তি ৰেলী অনুষ্ঠিত কৰাৰ উপৰিও ভাৰতীয় বায়ু সেনাৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে ৷ তেওঁ মন্তব্য কৰে যে এনেধৰণৰ পদক্ষেপে ৰাজ্যখনৰ যুৱ প্ৰজন্মক সেনা বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে উৎসাহিত কৰিব ৷

জৰুৰীকালীন পৰিস্থিতি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰা ভাৰতীয় বায়ু সেনাৰ সেৱা স্বীকাৰ কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে মানৱীয় সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই সদায়েই তৎপৰ ভূমিকা পালন কৰি আহিছে ৷

ভাৰতীয় বায়ু সেনা প্ৰধান গৰাকীয়ে তেওঁৰ ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যপাল গৰাকীক ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ বাবে পূৰ্ণ সহায় সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিয়ে ৷

লগতে পঢ়ক: মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.