ETV Bharat / state

দুলাল ৰয় আৰু চৈয়দ ছাদুল্লালৈ চাতক সন্মান - Chatak sanman 2022 announced in Tezpur

অহা ১০ ডিচেম্বৰত তেজপুৰ মাজগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ব 'চাতক সন্মান'(Chatak sanman announced)। এই বিষয়ে সদৰি কৰিছে চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই । ২০২২ বৰ্ষৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে দুলাল ৰয় আৰু চৈয়দ ছাদুল্লাক ।

chatak sanman announced in tezpur
দুলাল ৰয় আৰু চৈয়দ ছাদুল্লালৈ চাতক সন্মান
author img

By

Published : Sep 4, 2022, 2:26 PM IST

তেজপুৰ, ৪ ছেপ্তেম্বৰ: বিশিষ্ট নাট্যশিল্পী,অভিনেতা,পৰিচালক দুলাল ৰয়(Director,actor Dulal Roy)আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা চৈয়দ ছাদুল্লালৈ(Lyricist Syed Sadulla)আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ 'চাতক সন্মান'। তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত দেওবাৰে আয়োজিত এক সংবাদমেলত এই বিষয়ে ঘোষণা কৰে চাতকে (Chatak sanman 2022 announced in Tezpur)।

উল্লেখ্য যে, তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাতকে ধাৰাবাহিকভাৱে প্ৰতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰাম প্ৰসাদ ভূঞা, ফুলেশ্বৰী ভূঞা সোঁৱৰণী আৰু জীতেন্দ্ৰনাথ নাথ ভট্টাচাৰ্য, বিমলা ভট্টাচাৰ্য সোঁৱৰণী 'চাতক সন্মান' প্ৰদান কৰি আহিছে । চলিত বৰ্ষৰ এই সন্মান প্ৰাপকৰ নাম দেওবাৰে ঘোষণা কৰে চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদকদ্বয় ভৱানী ভূঞা আৰু পংকজ শৰ্মাই ।

অহা ১০ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব (Secretary of Srimanta Sankardeva Kalakshetra)সুন্দৰ্শন ঠাকুৰে তেজপুৰ মাজগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰত এক বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰিব বুলি সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই সদৰী কৰে । উক্ত সন্মানত আছে অংগ বস্ত্ৰ, চাতক স্মাৰক আৰু নগদ ধন ।

chatak sanman announced in tezpur
দুলাল ৰয়

উল্লেখ্য যে, ১৯৪৩ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহণ কৰা দুলাল ৰয়ে ১৯৬৬ চনতেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পৰিচালনা বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা সম্পাদনাৰ ডিপ্লমা গ্ৰহণ কৰে । ইয়াৰ পিছৰে পৰাই নাট আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে । ইয়াৰ মাজতেই ৰয়ে হিন্দী ছবিৰ পৰিচালনাৰ কাম শিকিবৰ বাবে মুম্বাইলৈ যাত্ৰা কৰি ৪ খনকৈ হিন্দী ছবিৰ সম্পাদনাৰ সহকাৰী হিচাপে খ্যাতি অৰ্জন কৰে ।

উল্লেখ্য যে, সেই চাৰিখন ছবিৰ ভিতৰত ৰাজেন্দ্ৰ সিং বেদিৰ 'দস্তক'আৰু অসিত সেনৰ 'চফৰ' ছবিয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । 'যুক্তি তৰ্ক','বিস্মৃতি','পণ ৰক্ষা','কনকলতা','স্বাৰ্থপৰ দৈত্য', 'ড্ৰেগন','ভকত','হুদুম দেউ','কামৰূপ কি কাহানী','ষ্টাফ ফটোগ্ৰাফাৰ','ফাতেমা বিবিৰ ঘৰ'কে ধৰি একাংক আৰু পূৰ্ণাংগ নাটকৰ স্ৰষ্টা দুলাল ৰয়ৰ একমাত্ৰ টেলিফ্লিম হৈছে'যাত্ৰা আৰু বন্দিয়াৰ'। ৰয়ে ২০১৯ বৰ্ষত অসম চৰকাৰৰ নটসূৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰাৰ লগতে ১৯৯৮ চনত পৰিচালনা শিতানত সংগীত নাটক অকাদেমী বঁটা লাভ কৰিছিল ।

chatak sanman announced in tezpur
চৈয়দ ছাদুল্লা

আনহাতে, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা আৰু দূৰদৰ্শন, নেচনেল জিঅ'গ্ৰাফী, ডিস্কভাৰী চেনেলত প্ৰায় শতাধিক ডকুমেন্টেৰীত ঘোষক হিচাপে খ্যাতি অৰ্জন কৰা চৈয়দ ছাদুল্লাৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত । ১৯৭১ চনৰ পৰা ৭৫ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষক, ১৯৭৫ চনৰ পৰা ৮৩ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট, ১৯৮৩ চনৰ পৰা ৮৫ চনলৈ মুম্বাই অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট, পুনৰ ১৯৮৫ চনৰ পৰা ২০০৮ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট হিচাপে নিয়োজিত হৈ থকা চৈয়দ ছাদুল্লা অল ইণ্ডিয়া ৰেডিঅ’ৰ একেধাৰে এ গ্ৰেড গীতিকাৰ, সংগীত ব্যৱস্থাপক, গীটাৰ বাদক, নাটকৰ কণ্ঠ আৰু নাট্যকাৰ । ১৯৭৬ চনৰ পৰা বহুল প্ৰচাৰিত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ 'বৰ্ণালী' আৰু 'ডাক পখিলী'ৰ জড়িয়তে অধিক জনপ্ৰিয়তা অৰ্জন কৰা ছাদুল্লাৰ "অলপ সুৰ বিচাৰি','দেৱতা','গান্ধী','বিচাৰ','উৰুখা' আদি ডকুমেন্টেৰীয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:Corruption in construction: তিনি বছৰেও সম্পূৰ্ণ নহ’ল লাখ টকীয়া ইনড’ৰ ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.