ETV Bharat / state

সৰীসৃপ ধৰাটো কিমান যুক্তিসংগত ?

বহু আগৰ পৰাই বনাঞ্চলৰ পৰা বিষাক্ত প্ৰজাতিৰ সাপ ধৰি একাংশ লোকে খেল দেখুৱাই আহিছিল ৷ Wild Life (Protection Act )1979 Ammanded Upto Date অনুসৰি কোনো লোকে সাপ ধৰি আনি নিজৰ ঘৰত ৰাখিব নোৱাৰে ৷ একেদৰে International Union for Conservation of Nature ( IUCN)ৰ নিৰ্দেশ অনুসৰি এডাল সাপ উদ্ধাৰ কৰি বা ধৰি ইয়াৰ বাসস্থানৰ পৰা যদি এক কিলোমিটাৰ ব্যসাৰ্ধতো এৰি দিয়ে তেনেহলে সেইয়া অপৰাধ ।

Ammanded Upto Date
Ammanded Upto Date
author img

By

Published : Jun 29, 2020, 5:31 PM IST

তেজপুৰ, 29 জুনঃ পৰিৱেশৰ অনুকূলে জীৱৰ বাসস্থানৰ পাৰ্থক্য দেখা যায় ৷ পৰিৱেশ তন্ত্ৰৰ লগত খাপ খোৱাকৈ ভিন ভিন জীৱই বাচি লয় নিজৰ বাসস্থান ৷ কিন্তু যেতিয়াই পৰিৱেশ পৰিস্থিতি সলনি হয় অথবা, নিৰ্দিষ্ট স্থানৰ পৰা জীৱ জন্তুৰ ঠাই সলনি হয় তেতিয়া পৰিৱেশ তন্ত্ৰত ইয়াৰ প্ৰভাৱ পৰে ৷ সততে আপুনি দেখি আহিছে সাপ ধৰা ঘটনা ৷ কিন্তু তেনে প্ৰাণী উদ্ধাৰ কৰাৰ নামত বাসস্থানৰ পৰা আঁতৰাই অন্য ঠাইলৈ লৈ যোৱাটো কিমান যুক্তি সংগত ? অসমত সাপ ধৰা প্ৰক্ৰিয়াটো আজিৰ নহয়, বহু আগৰ পৰাই বনাঞ্চলৰ পৰা বিষাক্ত প্ৰজাতিৰ সাপ ধৰি একাংশ লোকে খেল দেখুৱাই আহিছিল ৷ সময়ৰ সোঁতত সেয়া বিভিন্ন কাৰণত নাইকিয়া হ'ল যদিও এতিয়াও অব্যাহত আছে অসমত ৷ বিভিন্ন প্ৰান্তত সাপ ধৰি বা উদ্ধাৰ কৰি একাংশ লোকে বনাঞ্চলত মেলি দিয়ে ৷ কিন্তু এইয়া এক গুৰুতৰ অপৰাধ ৷ বন্যপ্ৰাণী আইন অনুসৰি এইয়া এক অপৰাধ কাৰণ বাসস্থান সলনি কৰাটো বন্যপ্ৰাণী অইন মতে চিকাৰ কৰা বুজায় ।

বন্যপ্ৰাণী আইন অৰ্থাৎ Wild Life (Protection Act )1979 Ammanded Upto Date অনুসৰি কোনো লোকে সাপ ধৰি আনি নিজৰ ঘৰত ৰাখিব নোৱাৰে, একেদৰে International Union for Conservation of Nature ( IUCN) ৰ নিৰ্দেশ অনুসৰি এডাল সাপ উদ্ধাৰ কৰি বা ধৰি ইয়াৰ বাসস্থানৰ পৰা যদি এক কিলোমিটাৰ ব্যসাৰ্ধতো যদি এৰি দিয়ে তেনেহলে সেইয়া অপৰাধ ।

কোনো প্ৰণীক বাসস্থানৰ পৰা আঁতৰাই অন্য ঠাইলৈ নিয়টো কিমান যুক্তি সংগত ?

কিন্তু উত্তৰ পূৰ্বাঞ্চলত পৰিৱেশ আৰু ইয়াৰ বিভিন্নতাৰ বাবে যথেষ্ট সংখ্যক সৰীসৃপ প্ৰাণীৰ উপস্থিতি লক্ষ্য কৰা যায় ৷ যাৰ পৰিপ্ৰেক্ষিতত সঘনাই মানুহৰ বাসস্থানটো সাপৰ বিচৰণ দেখা যায় ৷ কিন্তু সাপ ওলোৱাৰ পিচতে উদ্ধাৰ কৰি আন ঠাইলৈ লৈ যোৱাটো কিয় অপৰাধ আমি সেই সম্পৰ্কত কথা পাতিছিলো সৰীসৃপ প্ৰাণীৰ ওপৰত গৱেষণা কৰি থকা জয়াদিত্য পুৰকায়স্থৰ সৈতে ৷

অসমত বহু কম সংখ্যক লোকেহে সপা ধৰা কাৰ্য সম্পাদন কৰি আহিছে ৷ ইয়াৰ ভিতৰত বহুতই অনভিজ্ঞ আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নহয় ৷ বন বিভাগৰ তৰফৰ পৰা স্বীকৃতি নোপোৱাকৈয়ে বহুলোকে সাপ ধৰি আহিছে ৷ যিটো ভাল লক্ষণ নহয় ৷

বজাৰত কোটিৰ ঘৰত বিক্ৰী হয় সাপৰ বিষ
বজাৰত কোটিৰ ঘৰত বিক্ৰী হয় সাপৰ বিষ

অসংগঠিত লোকে সাপ ধৰা কাৰ্যই বহুক্ষেত্ৰত আন বিপদৰো সম্ভাৱনা কঢ়িয়াই আনিছে ৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সাপৰ বিষৰ এখন ক'ল বজাৰ আছে ৷ যি বজাৰত কোটিৰ ঘৰত বিক্ৰী হয় সাপৰ বিষ ৷ অসমতো এনেধৰণৰ চক্ৰই এই দুষ্কাৰ্য সংঘটিত কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে যদিহে সাপ ধৰা লোক সকলৰ বিধিগৰ প্ৰক্ৰিয়াৰ মাজৰে সংগঠিত নকৰে বা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে ৷ অৱশ্যে এতিয়ালৈকে তেনে কোনো ঘটনা চকুৰ পৰা নাই ৷

লগতে পঢ়কঃ সুশান্ত সিং ৰাজপুতৰ স্মৃতিত ৫৫০ টা দৰিদ্ৰ পৰিয়াললৈ খাদ্য যোগান ভূমি পেডনেকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.