ETV Bharat / state

Tezpur cancer hospital: তেজপুৰ কৰ্কট চিকিৎসালয়ত আৰম্ভ চিকিৎসা সেৱা - Hematological and Biochemical laboratory

28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত 7 খন কেন্সাৰ হস্পিতালৰ শুভ উন্মোচন কৰাৰ পাছত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চিকিকৎসা সেৱা ৷ তেজপুৰ কেন্সাৰ কেন্দ্ৰত (Tezpur cancer hospital) নিজৰ ৰোগৰ সন্দৰ্ভত চিকিৎসকক সাক্ষাৎ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে চিকিৎসালয়খনৰ প্ৰথমজন ৰোগীয়ে ৷

Tezpur cancer hospital
তেজপুৰ কৰ্কট চিকিৎসালয়ত আৰম্ভ চিকিৎসা সেৱা
author img

By

Published : Apr 29, 2022, 10:05 PM IST

তেজপুৰ, ২৯ এপ্ৰিল: এগৰাকী 42 বছৰীয়া ককৰ্ট ৰোগীয়ে ধন্যবাদ জ্ঞাপন কৰিলে অসম চৰকাৰক৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰৰ যৌথ উদ্যোগত স্থাপন কৰা তেজপুৰ কেন্সাৰ কেন্দ্ৰত(Tezpur cancer hospital) নিজৰ ৰোগৰ সন্দৰ্ভত চিকিৎসকক সাক্ষাৎ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ লোকজনে ৷

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰটো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰাৰ পাছত শুকুৰবাৰৰে পৰা বৰ্হি বিভাগৰ চিকিৎসাসেৱা আৰম্ভ কৰা হয় ৷ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ ৰোগীগৰাকীৰ প্ৰথমগৰাকী ৰোগী হিচাপে পঞ্জীয়ন হোৱাত তেখেতৰ সম্পূৰ্ণ মাচুল আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ উল্লেখ্য যে, কৃষকগৰাকী কাৰ্চিনমা কলনত(Colon carcinoma) আক্ৰান্ত বুলি ধৰা পৰাৰ পাছত ২০২১ চনত গুৱাহাটীৰ ডাঃ বি বৰুবা কৰ্কট প্ৰতিষ্ঠানত(B Borooah Cancer Institute) তেওঁৰ এটা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয় ৷

চাৰিজনীয়া পৰিয়াল এটাৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকে বহুতো আৰ্থিক আৰু মানসিক কষ্টত ভুগিবলগীয়া হৈছিল । এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত শাৰীৰিক দুৰ্বলতাৰ বাবে লোকজনে কৰ্মত পুনৰ যোগদান কৰিব পৰা নাই । আৰ্থিক অনাটনৰ ফলত পৰৱৰ্তী চিকিৎসাৰ বাবে গুৱাহাটীলৈও যাব পৰা নাছিল৷ প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ ধৰা পৰাত তেখেত সপ্তাহত দুবাৰকৈ চিকিৎসা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ যাবলগীয়া হৈছিল আৰু প্ৰতি বাৰতেই প্ৰায় ৪৫০০ কৈ টকা খৰচ কৰিবলগীয়া হৈছিল৷

শুকুৰবাৰে তেজপুৰ কৰ্কট কেন্দ্ৰৰ প্ৰথমগৰাকী ৰোগী হিচাপে পঞ্জীয়ন হোৱাত তেখেতেৰ পৰা কেৱল ১০ টকা পঞ্জীয়নৰ মাচুল গ্ৰহণ কৰি বাকী সকলো সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ তেখেতৰ পৰৱৰ্তী সময়ৰ চিকিৎসাৰ পৰিকল্পনাও চিকিৎসকসকলে প্ৰস্তুত কৰে আৰু সেই সময়ছোৱাত হোৱা খৰচ চৰকাৰৰ অটল অমৃত অভিযান তথা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত সামৰি লোৱা হ’ব৷ কৃষকগৰাকীয়ে ঘৰৰ ওচৰতে লাভ কৰা এই চিকিৎসা সেৱাৰ সুবিধাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

শুকুৰবাৰে বৰ্হি বিভাগৰ চিকিৎসা সেৱা আৰম্ভ হোৱা প্ৰথম দিনটোত 11 গৰাকী কৰ্কট ৰোগীক সেৱা প্ৰদান কৰা হয়৷ উল্লেখ্য যে, তেজপুৰত স্থাপিত L3 কৰ্কট সেৱা কেন্দ্ৰৰ জৰিয়তে যিসকলক ৰোগীক ভৰ্তি কৰিবলগীয়া নহয় বা অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন নাই, তেওঁলোকক Radiation আৰু Chemotherapy ৰ সুবিধা প্ৰদান কৰা হ’ব৷ কেন্দ্ৰটোত প্ৰায় সকলো আধুনিক ডায়গনষ্টিক সঁজুলি যেনে X-Ray, Mammography, CT Scan, MRI, Bronchoscopy ইত্যাদি থকাৰ লগতে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ বাবে Hematological and Biochemical laboratoryৰ সুবিধা আছে ৷

লগতে পঢ়ক: অন্ধকাৰৰ দিশে চাহ বাগানৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ : ৰাজহুৱা খণ্ডৰ শিক্ষাত ব্যয় হ্ৰাস চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.