ETV Bharat / state

Baresaharia Bhaona Mahotsav: বাৰেচহৰীয়া ভাওনাৰ ভাষণত মন্ত্ৰী সোণোৱালৰ জয় হিন্দ ধ্বনি - কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উন্মোচন কৰিলে বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ স্থায়ী প্ৰকল্প ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে প্ৰথম দিনৰ ভাওনা কাৰ্যসূচী (Bhaona Program) ৷ এই ভাওনা মহোৎসৱত উপস্থিত থাকি নিজকে ধন্য বুলি কয় মন্ত্ৰী সোণোৱালে (Cabinet Minister at Baresaharia Bhaona) ৷

Cabinet Minister at Baresaharia Bhaona
বাৰেচহৰীয়া ভাওনাৰ ভাষণত মন্ত্ৰী সোণোৱালৰ জয় হিন্দ ধ্বনি
author img

By

Published : Mar 7, 2023, 10:50 PM IST

তেজপুৰ, ৭ মাৰ্চ : ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আজি ভাওনাৰ প্ৰথম দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থায়ীভাৱে নিৰ্মাণ কৰি উলিওৱা প্ৰকল্পৰ উন্মোচন কৰে (Baresaharia Bhaona Mahotsav 2023) । মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৫ বছৰৰ পূৰ্বে ঘোষণা কৰা এই প্ৰকল্প মঙলবাৰে সন্ধিয়া মুকলি কৰে (Cabinet Minister at Baresaharia Bhaona)। মুঠ ২৮ কোটি টকাৰে নিৰ্মাণ কৰা এই স্থায়ী প্ৰকল্পতো এটি ফুলি থকা পদুম ফুলৰ আকৃতিৰ । মঙলবাৰে সন্ধিয়া ৮ বজাত সোণোৱালে উন্মোচন কৰে প্ৰথম দিনাৰ ভাওনা ৷

কাৰ্যসূচী অনুসৰি ১ নং খলাত শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া ৰাম বিজয় নাটক, ২ নং খলাত সীতা হৰণ বালি বধ, ৩ নং খলাত ৰাৱণ বধ আৰু ৪ নং খলাত দক্ষ যজ্ঞ নাটকৰ দৰে মুঠ ২১ খন খলাত ভাওনা সমাৰোহ অনুষ্ঠিত হয় । মন্ত্ৰী সোণোৱালে তেওঁ এই ভাওনা মহোৎসৱত উপস্থিত থাকি নিজকে ধন্য বুলি কয় । মনকৰিবলগীয়া যে, শংকৰদেৱৰ ঐতিহাসিক সংস্কৃতিৰ নিদৰ্শন বৈষ্ণৱ ধৰ্মৰ এই বাৰেচহৰীয়া ভাওনাৰ সামৰণিত মন্ত্ৰী গৰাকীয়ে "জয় হিন্দ" ৰে তেওঁৰ বহুমূলীয়া ভাষণেৰে সামৰণি মাৰে ।

২২৬ সংখ্যক এই ভাওনা মহোৎসৱৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ লোক সমাগত হয় (Baresaharia Bhaona of Jamugurihat Sonitpur) । এই ভাওনাৰ এক ঐতিহ্য আছে । সাম্প্ৰতিক সময়ত ৰাজহুৱা জীৱনৰ প্ৰচেষ্টা প্ৰাণ প্ৰাচুৰ্য লগতে শংকৰী সনাতন একশৰণ আদৰ্শৰ অনুপ্ৰেৰণা আৰু একান্ত ভকতিৰ মূৰ্তিমান প্ৰকাশ বাৰেচহৰীয়া এই ভাওনা মহোৎসৱ । প্ৰত্যেক চাৰি বছৰৰ মূৰত অনুষ্ঠিত এই ভাওনাৰ উত্তৰ অসম তথা বৰ্তমান ভাৰতবৰ্ষৰ এক লেখত লবলগীয়া মহোৎসৱ হিচাপে পৰিগণিত হৈছে ।

শোণিত কোঁৱৰ গজেন বৰুৱা আছিল এই ভাওনাক জামুগুৰিৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি । বৰুৱাই ১৭৯৭- ৯৮ চনত আৰম্ভ হোৱা এই ভাওনাক ১৯৬৯ চনত পৰ্বত ভৈয়াম সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এক নতুন মাত্ৰা প্ৰদান কৰে । এই ভাওনাৰ এক বিশেষ গুৰুত্ব হৈছে একেলগে ২০-৩০ খন ভাওনা অনুষ্ঠিত হয় একেসময়তে মণ্ডপৰ অন্তঃভাগত ।

প্ৰায় ৪০০ ৰো অধিক গায়ন -বায়ন, "ঘোষা", ডবা, বৰকাঁহ, শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰে ভাওনা থলী । ভোৰতাল, কালী, নেগেৰা খোলৰ শব্দত জামুগুৰিৰ এক সুকীয়া পৰিবেশে বিৰাজ কৰে । এপাহ পদুম ফুলৰ আৰ্হিত গাঁৱৰ ৰাইজে বহুদিনৰ পৰা যুগুত কৰা খেৰ -খাগৰী বাঁহেৰে সাজি উলিওৱা হয় ভাওনাৰ মণ্ডপ । ভিতৰত নিৰ্মাণ কৰা হয় ২০-৩০ টা নামঘৰ আৰু মণ্ডপৰ সোঁ মাজত প্ৰতিষ্ঠা কৰা হয় ভাগৱত আৰু নামঘৰৰ চক্ৰৰ মাজৰ উমৈহতীয়া গোলাকাৰ অংগণত ধ্ৰুপদী পদচালনাৰে খোল তাল বজাই কৰা সৰু ধেমালি, বৰ ধেমালিয়ে দৰ্শকক অভিভূত কৰি তোলে ।

প্ৰতি নামঘৰৰ মাজেৰে একেলগে সূত্ৰধাৰে প্ৰৱেশ কৰে । এইবাৰ এই ভাওনাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাওনা প্ৰদৰ্শিত হ’ব ।

লগতে পঢ়ক: Baresaharia Bhaona : বাৰেচহৰীয়া ভাওনা মহোৎসৱ মুকলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.