তেজপুৰ,৮ অক্টোবৰ : পৰ্যটকেৰে ভৰি থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যান এতিয়া জন শূন্য ৷ সুদীৰ্ঘ সাত মাহে মহামাৰী কৰ'ণাৰ কবলত পৰি সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰতখন বহু পিছ পৰি ৰ’ল । তাৰ লগতে স্থৱিৰতা আহিল পৰ্যটনক অৱলম্বন হিচাপে লৈ জীৱিকা নিৰ্বাহ কৰা বহু পৰিয়াললৈ ৷ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁওসমূহৰ স্থানীয় লোকৰ এক মাত্ৰ উপাৰ্জনৰ আহিলা হিচাপে পৰিগণিত এই ব্যৱসায় বাণিজ্য সমূহ বন্ধ হৈ পৰাত নানা সমস্যাৰ সৃষ্টি হৈছে । বিগত সময়ছোৱাত অক্টোবৰ মাহৰ প্ৰথম ভাগতেই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ কেম্পৰ বাবে পৰ্যটকৰ নাম পঞ্জীয়ন কৰিবলৈ তাৰিখ ল’ব লগীয়া হৈছিল ৷
উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অন্যান্য অঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰতো বহু পৰিমাণে ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ এপ্ৰিল মাহৰ পৰা মে' মাহলৈ পৰ্যটকৰ সংখ্যা বহুখিনি থাকে যদিও এইবাৰ অসম চৰকাৰে এইক্ষেত্ৰত জিলাখনৰ পৰা প্ৰায় 4.5 কোটি ৰাজহ হেৰুৱাব লগা হৈছে ৷
আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 5 কোটি ৰাজহ হেৰুৱাব লগীয়া হৈছে । শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান নিৰ্ভৰ কৰে ইয়াৰ জীয়া ভৰলী নদীৰ এঙলিং, ৰাফটিং আৰু তাৰ লগতে অৰুণাচল প্ৰদেশৰ টাৱাংৰ পৰ্যটকৰ ওপৰত ।
জিলা প্ৰশাসন আৰু চৰকাৰে বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে যাতে পৰ্যটন বিভাগটো পুনৰ আৰম্ভ হোৱাৰ লগে লগেই স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি সকলো আগৰ অৱস্থালৈ ঘূৰি আহে । পৰ্যটনৰ ক্ষেত্ৰলৈ পৰ্যটকৰ পুনৰাগমন হ’লেহে কিছু গতিশীলতা আহিব পৰ্যটনকে আধাৰ হিচাপে লৈ সৰু সুৰা ব্যৱসায়েৰে পেটৰ ভাত মোকলোৱা লোকসকলৰ জীৱন-জীৱিকালৈ ৷
লগতে পঢ়ক : চিনামৰা চাহ বাগিচাত আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ