তেজপুৰ, ৩ এপ্ৰিল: ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংগঠন চমুকৈ ডি আৰ ডি অ'ৰ কাণপুৰস্থিত গৱেষণাগাৰত প্ৰথমবাৰৰ বাবে লঘু ওজনৰ বুলেট প্ৰুফ জেকেট উদ্ভাৱন কৰা হৈছে । তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই কয় যে, এই জেকেটটোৰ ওজন ৯ কেজি ।
এই ফ্ৰণ্ট হাৰ্ড আৰ্মৰ পেনেল (FHAP) বুলেট প্ৰুফ জেকেটৰ পৰীক্ষা সম্পন্ন কৰা হৈছে চণ্ডীগড়স্থিত টাৰ্মিনেল বল্লিষ্টিক গৱেষণা কেন্দ্ৰত । লঘু ওজনৰ এই নতুন জেকেটটোৰ বিশেষত্ব এয়ে যে, এই বুলেট প্ৰুফ জেকেটটো কোনো অসুবিধা নোহোৱাকৈ এজন সৈনিকে দিনটো পিন্ধি থাকিব পাৰিব ।
উন্নত প্ৰযুক্তিৰ দ্বাৰা এই জেকেটটোৰ ওজন ১০.৪ কেজিৰ পৰা ৯ কেজিলৈ হ্ৰাস কৰা হৈছে । প্ৰতিৰক্ষা উন্নয়ন সংগঠনৰ এই পদক্ষেপৰ শলাগ লৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । উন্নত প্ৰযুক্তিৰ সহায়ত ডি আৰ ডি অ'ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডীৰ তৎপৰতাত এই উন্নতমানৰ বুলেট প্ৰুফ জেকেট প্ৰস্তুত কৰা কাৰ্যৰে জড়িত সকলো বৈজ্ঞানিককে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে ।
লগতে পঢ়ক:24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা