ETV Bharat / state

ৰঙাপাৰাত নৃশংস হত্যাকাণ্ডঃ ঘৰৰ ভিতৰতে হানি-খুচি হত্যা শাহু-বোৱাৰীক

author img

By

Published : Oct 12, 2019, 6:20 PM IST

চোকা অস্ত্ৰৰে ঘপিয়াই একে পৰিয়ালৰ দুগৰাকীকৈ মহিলাৰ প্ৰাণ ললে অচিনাক্ত দুৰ্বিত্তই ৷

ৰঙাপাৰাত নৃশংস হত্যাকাণ্ড

ৰঙাপাৰা, 12 অক্টোবৰ: শুকুৰবাৰে নিশা এক নৃশংস হত্যাকাণ্ডই জোঁকাৰি গ'ল শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চল ৷ অঞ্চলটোৰ 4নং আমলগাত একে নিশাই অচিনাক্ত দুৰ্বিত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে একে পৰিয়ালৰ দুই সদস্যক ৷

ঘটনা অনুসৰি 4নং আমলগা গাঁৱৰ নিবাসী চুফিয়া আনচাৰী আৰু তেওঁৰ বোৱাৰী ৰূপচানা খাটুনে তেওঁৰ স্বামী তথা চুফিয়া আনচাৰীৰ পুত্ৰ কৰ্মসুত্ৰে ঘৰৰ বাহিৰত থকাৰ বাবে তেওঁলোকে অকলশৰীয়াকৈ বাস কৰিছিল ৷ কিন্তু শুকুৰবাৰে নিশা এই দুয়ো গৰাকী মহিলাকে অচিনাক্ত দুৰ্বিত্তই ঘৰৰ ভিতৰতে নৃশংস ভাৱে হত্যা কৰি পেলাই থৈ যায় ৷

চোকা অস্ত্ৰৰে ঘপিয়াই একে পৰিয়ালৰ দুগৰাকীকৈ মহিলাৰ প্ৰাণ ললে অচিনাক্ত দুৰ্বিত্তই

পুৱা স্থানীয় ৰাইজৰ সন্দেহ হোৱাত লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘৰৰ ভিতৰৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ কিন্তু আশ্বৰ্য্যজনক ভাৱে হত্যাকৰীয়ে এই আক্ৰমণত ৰূপচানা খাটুনৰ ডেৰ বছৰীয়া সন্তানক একো আঘাত নকৰাকৈ এৰি থৈ যায় ৷ ঘটনা সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে ইতিমধ্যে একে গাঁৱৰে তিনিজন ব্যক্তিক সোধা পোছাৰ বাবে জিম্মাত লৈছে ৷ এইদৰে স্বামীৰ অনুপস্থিত অকলশৰীয়াকৈ থকা দুই মহিলাৰ ৰহস্যজনক হত্যাকাণ্ডই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙাপাৰা অঞ্চলত ৷

Intro:ৰঙাপৰাৰ ৪ নং আমলগাত নৃশংস হত্যাকাণ্ডBody:শোণিতপুৰৰ ৰঙাপৰাৰ ৪ নং আমলগাত সংঘটিত এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং আমলগাত একেটা পৰিয়ালৰে দুজনকৈ মহিলা সদস্যক নিশা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।গাওঁখনৰ নিবাসী চুফিয়া আনচাৰী নামৰ মহিলা গৰাকীক আৰু তেখেতৰ বোৱাৰী ৰূপচানা খাটুনক নিশা কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।কোনমতে প্ৰাণ ৰক্ষা পৰে ৰূপচানা খাটুনৰ ডেৰ বছৰীয়া সন্তানটি ।ইতিমধ্যে ঘটনাস্থলিত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ গাওঁখনৰে তিনিজন ব্যক্তিক সোধপোচৰ বাবে জিম্মাত লৈছে যদিও প্ৰকৃত হত্যাকাৰী কোন হয় এই মুহুৰ্ত লৈকে জানিব পৰা হোৱা নাই।জানিবপৰা মতে নিহত চুফিয়া আনচাৰী পুত্ৰ তথা ৰুপচানাৰ স্বামী কৰ্মসুত্ৰে বাহিৰত থকাৰ বাবে দুয়োগৰাকী মহিলা ঘৰত অকলে আছিল।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.