তেজপুৰ, 7 মে’: দেওবাৰে দেশজুৰি সীমান্ত পথ সংস্থাৰ (Border Roads Organization) 64 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ তেজপুৰৰ ভৰ্তকতো পালন কৰা হয় সংস্থাটোৰ প্ৰতিষ্ঠা দিৱস (Raising day of BRO) ৷ মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট্টে ৷
অনুষ্ঠানত উপস্থিত থাকি সংস্থাটোৰ সকলো বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰি কেৱল সেনা বাহিনীৰ সুৰক্ষাৰ বাবেই নহয় সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰতো পৰিপূৰক পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Raksha Rajya Mantri Ajay Bhatt) ৷
লগতে মন্ত্ৰীগৰাকীয়ে সংস্থাটোৰ ওপৰত আস্থা ব্যক্ত কৰি দোহাৰে যে, ভৱিষ্যতে বিআৰঅ’ ৰ দ্বাৰা নিৰ্মাণ কৰা আন্তঃগাঁথনিই কেৱল ৰাষ্ট্ৰৰ নিৰাপত্তা শক্তিশালী কৰাৰ ক্ষেত্ৰতেই নহয়, সাধাৰণ লোকসকলৰ জীৱনতো ইতিবাচক পৰিৱৰ্তন আনিব ৷
মন্ত্ৰীগৰাকীয়ে বিআৰঅ’ দিৱসৰ অংশ হিচাবে এক বহুমুখী অভিযান ‘‘একতা অৱম শ্ৰদ্ধাঞ্জলি অভিযান’’ৰ (Ekta Avam Shradhanjali Abhiyaan) সমাপ্তি ঘটায় ৷ উল্লেখ্য যে, এই অভিযান 10 এপ্ৰিলত লাডাখৰ দৌলত বেগ ওল্ডি (Daulat Beg Oldie) আৰু অৰুণাচল প্ৰদেশৰ কিবিথুৰ (Kibithu in Arunachal Pradesh) পৰা আৰম্ভ হৈ আজি পুনেত সমাপ্ত হয় ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে ডিজিটেল ইণ্ডিয়াৰ অংশ হিচাবে কেইবাটাও ছফ্টৱেৰ মুকলি কৰে ৷
বৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেশ্যন (BRO) হৈছে দেশৰ আগশাৰীৰ পথ নিৰ্মাণ সংস্থা যি উত্তৰ আৰু পশ্চিম সীমান্তত পথ নিৰ্মাণ আৰু তত্বাৱধানৰ কাম সম্পাদন কৰে ৷ মুখ্যতঃ সশস্ত্ৰ বাহিনীৰ কৌশলগত প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে পথ নিৰ্মাণ কৰে BROয়ে ৷ সংস্থাটোৱে ভাৰতৰ সীমান্তত 61,218 কিলোমিটাৰৰো অধিক পথ, 915 খনতকৈও অধিক দলং, চাৰিটা সুৰংগ আৰু 19 টা বিমানক্ষেত্ৰ আৰু ভূটান, ম্যানমাৰ, আফগানিস্তান আৰু তাজিকিস্তানকে ধৰি বহু কেইখন দেশতো পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে ৷
উল্লেখ্য যে, বিখ্যাত অটল টানেলো নিৰ্মাণ কৰিছে সংস্থাটোৱে ৷ অটল টানেল হৈছে 10000 ফুট উচ্চতাত নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ দীঘল ঘাইপথ সুৰংগ ৷ সম্প্ৰতি দেশৰ অসমক, অৰুণাচলকে ধৰি দেশৰ 13খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত 18 টা প্ৰকল্পৰ কাম সম্পাদনাৰ কাম চলি আছে ৷
লগতে পঢ়ক: Manipur crisis update: মণিপুৰত আবদ্ধ অসমৰ লোকক উদ্ধাৰৰ বাবে ৰাওনা অসম আৰক্ষীৰ দল