চিটাৰা ডেস্ক, তেজপুৰ, ২৩ মাৰ্চ : অসমৰ লগতে তেজপুৰৰ ৰাইজৰ আতিথ্যত আপ্লুত হ’ল বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী পুনম ঢিলন আৰু জীনাত আমন । তেজপুৰ চহৰৰ ঐতিহাসিক গণেশ মন্দিৰ পৰিদৰ্শন কৰিলে এই দুই মোহময়ী অভিনেত্ৰীয়ে (Bollywood actress visit Tezpur) ৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মানুহৰ আদৰ-সাদৰত আপ্লুত হয় দুয়োগৰাকী অভিনেত্ৰী (Bollywood actress in Assam) ৷
অসম তথা তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহিত হৈ পৰে পুনম ঢিলন আৰু জীনাত আমন (Actress Poonam Dhillon Zeenat Aman in Assam) । খুব কম দিনৰ বাবে অসমলৈ অহা দুই অভিনেত্ৰীয়ে পৰিদৰ্শন কৰিলে মা কামাখ্যাৰ মন্দিৰ ৷ অভিনেত্ৰী পুনময়ে কয় যে তেজপুৰৰ ইতিহাস জানি তেওঁ খুবেই আনন্দিত ৷ লগতে আৰু অধিক ইতিহাস জানিবলৈ আগ্ৰহী হৈ পৰা বুলিও প্ৰকাশ কৰিলে অভিনেত্ৰী দুগৰাকীয়ে ৷
বুধবাৰে দুয়ো তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ স্থান সমূহ পৰিদৰ্শন কৰে । কাশ্মীৰ ফাইলছৰ প্ৰসংগত পুনম ঢিলনে ক’লে, তেওঁ ছবিখন চাবলৈ আগ্ৰহী আৰু এনেকুৱা সঁচা ঘটনাৰ আধাৰত ছবি নিৰ্মাণ হ’ব লাগে ৷ কিন্তু ছবি এখনক কেন্দ্ৰ কৰি ঘৃণা, হিংসা আদিৰ সৃষ্টি হ’ব নেলাগে ৷
ভৱিষ্যতে অসমত ছবি নিৰ্মাণৰ প্ৰকল্প ল’বও পাৰে বুলি জানিবলৈ দিয়ে পুনম ঢিলনে । একেধৰণে জিনাত আমনেও অসমবাসীৰ যথেষ্ট প্ৰশংসা কৰাৰ লগতে মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰা বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: গুৱাহাটীত গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ