ৰঙাপৰা, ২৩ ফেব্ৰুৱাৰীঃ অৱশেষত উদ্ধাৰ হ'ল ৰঙাপাৰাত মঙলবাৰৰ পৰা সন্ধানহীন হোৱা এজন সন্দেহজনক চোৰৰ মৃতদেহ (Body found in pond at Rangapara)। পুৱাৰে পৰা আৰক্ষী আৰু SDRF ৰ যৌথ অভিযানত উদ্ধাৰ হয় চোৰটোৰ মৃতদেহ ।
উল্লেখ্য যে, চোৰৰ সন্দেহত স্থানীয় একাংশ লোকে খেদি যাওতেই সন্ধানহীন হৈছিল গৌৰেন গড় নামৰ লোকজন । ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে প্ৰায় ১২ মান বজাত গৌৰেন নামৰ লোকজনে চাইকেল চলাই গৈ থকাৰ অৱস্থাত একাংশ লোকে চোৰ চোৰ বুলি চিঞৰি তেওক হাতে-লোটে ধৰিবলৈ চেষ্টা কৰিছিল । পাছত ব্যক্তিজনে পথৰ দাঁতিত চাইকেলখন ৰখাই থৈ নিজকে আত্মৰক্ষা কৰাৰ উদ্দেশ্যেৰে লেচু বাগানৰ সমীপত থকা দলনিৰে ভৰি থকা এটা পুখুৰীৰ মাজেৰে পলায়নৰ চেষ্টা চলাইছিল ।
কিন্তু সেই সময়তে হঠাৎ পুখুৰীটোৰ মাজ ভাগত সন্ধানহীন হৈ পৰিছিল গৌৰেন গড় । ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰঙাপৰা থানাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ঘটনাস্থলীত । অগ্নি নিৰ্বাপক বাহিনীৰ দলে পুখুৰীত নামি চোৰটোক জীৱন্তে উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও সন্ধিয়ালৈ কোনো শুংসুত্ৰ উলিয়াব নোৱাৰি স্থগিত ৰাখে উদ্ধাৰ অভিযান ।
লোকজন পুখুৰীৰ মাজত আধা অংশ সোমাই যোৱাৰ দৃশ্য আৱদ্ধ হৈছিল একাংশ লোকৰ ম'বাইলৰ কেমেৰাত। অৱশেষত আজি পুৱাৰে পৰা পুনৰ আৰক্ষী-SDRF ৰ দলে অভিযান চলাই উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ । ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া দেৱন বৰাই মৃতদেহটো আমাৰীবাৰী পুৰণা লাইনৰ নিৱাসী টিলু গড়ৰৰ পুত্ৰ গৌৰেন গড় বুলি জানিবলৈ দিছে । ব্যক্তিজনৰ মৃতদেহটো চাবলৈ পুখুৰীৰ পাৰত ভিৰ কৰে অগনন ৰাইজে তোলে।