ETV Bharat / state

টেঙাস্থিত সেনাৰ শিবিৰলৈ অনা হ'ব অৰুণাচলত নিহত জোৱানৰ মৃতদেহ

অৱশেষত উদ্ধাৰ হ'ল সন্ধানহীন ৭ গৰাকী জোৱানৰ মৃতদেহ (7 jawans killed in avalanche in Kameng)। বুধবাৰে টেঙাস্থিত সেনাৰ শিবিৰলৈ অনা হ'ব জোৱানকেইজনৰ মৃতদেহ । নিহত জোৱানকেইজনৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা অৰুণাচল চৰকাৰৰ ।

author img

By

Published : Feb 9, 2022, 1:42 PM IST

avalanche in Kameng
টেঙাস্থিত সেনাৰ শিবিৰলৈ অনা হ'ব কামেঙত নিহত জোৱানৰ মৃতদেহ

তেজপুৰ,৯ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত হিমস্খলনৰ নিহত হোৱা ৭ গৰাকীকৈ ভাৰতীয় সেনাৰ জোৱানৰ মৃতদেহ বুধবাৰে টেঙাস্থিত সেনাৰ শিবিৰলৈ অনা হ'ব । এই ৭ গৰাকী সেনা জোৱান অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ৬ ফেব্ৰুৱাৰীত ভয়ংকৰ হিমস্খলনৰ ফলত সন্ধানহীন হৈ আছিল । দুদিনযোৰা উদ্ধাৰ অভিযানৰ পাছত মঙলবাৰে উদ্ধাৰ কৰা হয় তেওঁলোকৰ মৃতদেহ ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে সেনাৰ অধিকাৰীক নিয়ম পালন কৰি বুধবাৰে টেঙাস্থিত সেনাৰ শিবিৰলৈ অনা হ'ব । নিহত জোৱানকেইজন ক্ৰমে ১৯ নং জম্মু আৰু কাশ্মীৰ ৰাইফলছ আৰু ইঞ্জিনিয়াৰ গ্রুপৰ ক্ৰমে হাবিলদাৰ যুগল কিশোৰ, ৰাইফল মেন বিশাল শৰ্মা ,গানাৰ গুৰ্বজ সিং, ৰাইফল মেন অৰুণ কাত্তাল, ৰাইফল মেন অনকেশ ভাৰদ্বাজ, ৰাইফল মেন অক্ষয় পাথনিয়া আৰু ৰাইফল মেন ৰাকেশ সিং বুলি চিনাক্ত কৰা হৈছে ।

ইফালে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই ঘটনাকলৈ শোক প্ৰকাশ কৰিছে । তেওঁ বুধবাৰে পুৱা টুইট কৰি জোৱানকেইগৰাকীৰ নিকটাত্মীয়লৈ ৪ লাখকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে । টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী সাহায্য পুঁজি(Chief Minister’s Relief Fund) পৰা এককালীন ৪ লাখ টকা ৭ গৰাকী বীৰ জোৱানৰ পৰিয়াললৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক :Arunachal avalanche: হিমস্খলনত নিহত জোৱানৰ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.