ETV Bharat / state

নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

author img

By

Published : Aug 10, 2020, 5:09 AM IST

কহৰা ৰেঞ্জত এটা গঁড়ৰ খৰ্গ কাটি নিয়াৰ পাছত বন কৰ্মীয়ে অভিযান চলায় । এই অভিযানত বনকৰ্মীৰ এটা দলে এখন টুলুঙা নাৱত উঠি ঘূৰি অহাৰ সময় এটা সূঁতিত নাওখন হঠাৎ ডুবি যায় আৰু বনকৰ্মী কেইজন পানীৰ সোঁতত উটি যায় ।

Kaziranga National park
Kaziranga National park

তেজপুৰ,৯ আগষ্ট : বিশ্ব এইতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত অঘটন । কথমপি ৰক্ষা কেইবাজনো বন কৰ্মীৰ । শনিবাৰে কহৰা ৰেঞ্জত এটা গঁড়ৰ খৰ্গ কাটি নিয়াৰ পাছত বন কৰ্মীয়ে অভিযান চলায় । এই অভিযানত বনকৰ্মীৰ এটা দলে এখন টুলুঙা নাৱত উঠি ঘূৰি অহাৰ সময় এটা সূঁতিত নাওখন হঠাৎ ডুবি যায় আৰু বনকৰ্মী কেইজন পানীৰ সোঁতত উটি যায় ।

Kaziranga National park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত বনকৰ্মীৰ নাও দুৰ্ঘটনা

এই সমগ্ৰ দৃশ্য অন্য এজন বনকৰ্মীৰ লোকে পাৰৰ পৰা নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰিছিল । পৰৱৰ্তী সময়ত সহকৰ্মীৰ সহযোগিতাত উদ্ধাৰ হয় বনকৰ্মী কেইজন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক জনায় এই কথা ।

নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

উল্লেখযোগ্য যে, যি সময়ত বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই বন বিভাগৰ বাবে এই বছৰ ২৩ খন আধুনিক যন্ত্ৰ চালিত নাৱৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছিল, সেই সময়ত বনকর্মীয়ে এইদৰে জীৱন মৰণৰ লগত যুঁজি নিজৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাতো পৰিতাপৰ বিষয় লক্ষণীয় ।

লগতে পঢ়ক : শিলাদিত্য কাণ্ড: সাহিত্য সভাৰ দুগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.