ETV Bharat / state

জনতাৰ আস্থা থকা তিনিটা সমষ্টি বিজেপিক এৰি দি'ব অগপই - আগন্তুক নিৰ্বাচন

আগন্তুক নিৰ্বাচনত অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত আসন বুজাবুজিৰে নিৰ্বাচনীক যুঁজত নামিব বিজেপি আৰু অগপৰ মিত্ৰজোঁটে ৷ বিশেষকৈ বঢ়মপুৰ, তেজপুৰ আৰু লখিমপুৰ বিধানসভা সমষ্টিক লৈ ক আলোচনত মিলিত হৈছে মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্ব সকল ৷

Bjp and AGP alliance
জনতাৰ আস্থা থকা তিনিটা সমষ্টি বিজেপিক এৰি অগপই
author img

By

Published : Feb 18, 2021, 7:40 PM IST

তেজপুৰ,১৮ ফেব্ৰুৱাৰী : আগন্তুক নিৰ্বাচনত অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত আসন বুজাবুজিৰে নিৰ্বাচনীক যুঁজত নামিব বিজেপি আৰু অগপৰ মিত্ৰজোঁটে ৷ বিশেষকৈ বঢ়মপুৰ, তেজপুৰ আৰু লখিমপুৰ বিধানসভা সমষ্টিক লৈ আলোচনত মিলিত হৈছে মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্ব সকল ৷

এক সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অগপৰ দখলত থকা এই তিনিটা সমষ্টিত আগন্তুক নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থীত্ব দিব ৷ ইয়াৰ বিপৰিতে বিজেপিৰ দখলত থকা আন কেইটামান সমষ্টি বিজেপিয়ে অগপক এৰি দিয়া এক কৌশল ৰচনা কৰিছে বুলি জানিবলৈ দিছে সুত্ৰটোৱে ৷

উল্লেখ্য যে, বঢ়মপুৰ সমষ্টিত 1991 চনৰ পৰা 2016 চনলৈকে মুঠ 6 বাৰ অগপৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জয়ী হৈ আহিছে ৷ 2016 ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল প্ৰফুল্ল কুমাৰ মহন্তই আৰু সুৰেশ বৰাৰ বিপৰীতে প্ৰফুল্ল কুমাৰ মহন্তই প্ৰায় 5 হাজাৰ ভোটত জয় লাভ কৰিছিল ৷

ইয়াৰ সমান্তৰালভাৱে ৭৩ নং তেজপুৰ বিধান সভা সমষ্টিটো 1957 চনৰ পৰা 2016 চনলৈকে অগপই মুঠ 5 বাৰ নিজৰ দখলত ৰখাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ এবাৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে ৷ সমষ্টিটোত বৰ্তমানৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে অগপ হৈ 4 বাৰকৈ জয় লাভ কৰিছে ৷ যোৱা 16 নিৰ্বাচনত বৃন্দাবন গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী হিৰণ্য ভূঞাৰ বিপৰীতে প্ৰায় 35 হাজাৰ ভোটত জয় লাভ কৰিছিল ৷ অৰ্থাৎ এই সমষ্টিটোত এক শক্তিশালী স্থিতি আছে বৃন্দাবন গোস্বামীৰ ৷

ইফালে লখিমপুৰ সমষ্টিটো অগপই মুঠ 4 বাৰ নিজৰ দখলত ৰাখিছে ৷ এই চাৰিতে অগপ হৈ জয় লাভ কৰিচে বৰ্তমানৰ অগপৰ বিধায়ক উৎপল বৰা ৷ ইয়াৰ বিপৰীতে কিন্তু এবাৰো বিজেপিয়ে লখিমপুৰ সমষ্টিটো নিজৰ দখললৈ আনিবলৈ হোৱা নাই ৷

পোনচাতেইল ক'বলৈ হ'লে বৰ্তমানে অগপৰ দখলত থকা 14 খন আসনৰ ভিতৰত এই তিনিখন আসনত অগপৰ স্থিতি অতি শক্তিশালী ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অগপই শক্তিশালী ৰূপত জনতাৰ আস্থা লাভ কৰিবলৈ বঢ়মপুৰ, তেজপুৰ আৰু লখিমপুৰ বিধানসভা সমষ্টি এইবাৰ বিজেপিক এৰি দি'ব ৷

লগতে পঢ়ক: লখিমপুৰত শীতলীকৰণ ভঁৰালৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.