ETV Bharat / state

বিশ্বনাথত এজাক বৰষুণতে খহি পৰিল কোটিটকীয়া জলসিঞ্চন প্ৰকল্প

বিহালী চেৰেলীয়া বঙালী পথাৰত নিৰ্মীয়মাণ অৱস্থাত থকা কোটিটকীয়া জলসিঞ্চন প্ৰকল্প খহি পৰে এজাক বৰষুণতে। জনৈক ৰন্তু বাঢ়ৈ আৰু বিজেপি নেতা-পালিনেতাই দায়িত্ব লোৱা প্ৰকল্পটোত দুৰ্নীতিৰ অভিযোগ ।

author img

By

Published : May 1, 2019, 7:11 PM IST

খহি পৰিল কোটিটকীয়া জলসিঞ্চন প্ৰকল্প

বিশ্বনাথ চাৰিআলি, ১ মেঃ বিহালীত বুধবাৰে মন্ত্ৰী ভৱেশ কলিতাৰ জলসিঞ্চন বিভাগৰ এটা কোটিটকীয়া প্ৰকল্প খহি পৰে এজাক বৰষুণতে। প্ৰায় ৩ কোটি ৫০ লাখ টকাৰে বিহালী চেৰেলীয়া বঙালী পথাৰত নিৰ্মাণ কৰা পানী যোগান আঁচনিটোৰ কেনেল নিৰ্মাণ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ । অভিযোগ অনুসৰি বিশ্বনাথ জিলা পৰ্যায়ৰ এজন বিজেপি নেতা আৰু ৰন্তু বাঢ়ৈ নামৰ এজন ঠিকাদাৰে লাভ কৰিছিল এই কেনেল নিৰ্মাণৰ ঠিকা ৷ অবাধ দুৰ্নীতিৰে কাম-কাজ আৰম্ভ কৰা কেনেলৰ ৱাল ফাট মেলি খহি পৰিছিল। সেই সময়তে বহু দল-সংগঠনে প্মেৰতিবাদ কৰাত পুনৰ মেৰামতি কৰা হয় যদিও বুধবাৰে এজাক বৰষুণতে আকৌ খহি পৰে ।

খহি পৰিল কোটিটকীয়া জলসিঞ্চন প্ৰকল্প

সংবাদ মাধ্যমক ঠিকাদাৰ ৰন্তু বাঢ়ৈয়ে জনোৱা অনুসৰি ৩ কোটি ৫০ লাখ টকাৰ কেৱল ৭৩ লাখ টকাহে ব্যৱহাৰ কৰাৰ লগতে বাকী কাম আন কোনো ঠিকাদাৰেহে সম্পন্ন কৰা বুলি জনায়। সঘনাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ এই লুণ্ঠন কাৰ্যক এতিয়া সহজভাৱে ল'ব পৰা নাই বিশ্বনাথৰ দল সংগঠনে ।

slug_as_bsw_ cannel_ durniti_1a_vi1_5_byte_photo_scrpt_as10018

কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ সমষ্টিতত   এজাক বৰষুণতেই হুৰ হুৰাই বাগৰি পৰিল জলসিঞ্চন কোটি টকীয়া  প্ৰকল্পৰ ৱাল•••
 
পানীত পৰিল প্ৰায় ৩ কোটি ৫০ লাখ টকীয়া জলসিঞ্চন প্ৰকল্পৰ ধন

V.O:-  

ৰাজ্যৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টি তথা অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ভৱেশ কলিতা বিভাগৰ  বিহালীত জলসিঞ্চন আঁচনি ধনসিঞ্চন আঁচনিলৈ ৰূপান্তৰিত হোৱাৰ পৰিলক্ষিত হ'ল বুধবাৰে ।

  ৰাজ্যৰ পূৰ্ব জলসিঞ্চন মন্ত্ৰীত্ব হাতত থকাৰ সময়ছোৱাত মন্ত্ৰী দত্তই নিজ বিভাগৰ ধন আৱন্টনৰে গৃহ সমষ্টি বিহালীৰ চেৰেলীয়া বঙালী পথাৰত  ৰূপায়ন কৰিছিল ''এক পানী যোগান আঁচনি প্ৰকল্পৰ কাম ৷ 

 ৰাজ্যৰ জলসিঞ্চন বিভাগৰ পৰাপ্ৰায়  ৩কোটি ৫০ লাখ 
টকীয়া আৱন্টনৰে বিহালী চেৰেলীয়া বঙালী পথাৰত নিৰ্মান কৰা পানী যোগান আঁচনিৰ কেনেল নিৰ্মানত আৰম্ভনিতে সংঘটিত হৈছিল পৰ্বতসম দূৰ্নীতি ৷

 অভিযোগ অনুসৰি বিশ্বনাথ জিলা পৰ্য্যায়ৰ এজন বিজেপি নেতা আৰু ৰন্তূ বাঢ়ৈ নামৰ এজন ঠিকাদাৰ লগতে  কেইজনমান নেতা পালিনেতাই লাভ কৰিছিল এই কেনেল নিৰ্মানৰ ঠিকা ৷
 ৰাজনৈতিক শক্তিৰে বিজেপি বাহিনী ঠিকাদাৰে আৰম্ভনিৰে পৰা অবাধ দূৰ্নীতিৰে কামকাজ কৰাত কেনেল সমুহৰ  ৱালত ফাট মেলি হুৰ হুৰাই খহি পৰিছিল পানীত৷ এই সম্পৰ্কত নিৰ্মাণ সময়তে বিহালী বিভিন্ন দল সংগঠন লগতে স্থানীয় ৰাইজে ঠিকাদাৰ কেইজনক লগতে প্ৰকল্প টো দায়িত্ব থকা অভিযন্তা সকলক অৱগত কৰিছিল যদিও ৰাজনীতি শক্তি আৰু গুৰু গোসাঁইৰ নমনাকৈ কাৰো কথা গুৰুত্ব নিদি ঠিকাদাৰে নিম্নমানৰ কাম অব্যাহত ৰাখিছিল তাৰ ফলত এফালে নিৰ্মাণ কৰে আন ফালে ভাঙি যায় ।
কিন্তু যোৱা বছৰেই আৰম্ভণিতে যেতিয়া ৱাল ভাঙি গৈছিল তেতিয়াই সংবাদ মাধ্যমত ছ'ছিয়েল মেডিয়াত 
বিয়পি পৰিছিল যদিও গা লৰচৰ নহ'ল বিভাগতো বিষয়া সকলৰ  ।  
ৰহস্য জনক কথাটো হল সেই সময়ত হুৱা দুৱা লগাত ভঙা অংশ সমুহ মেৰামতি কৰিছিল যদিও পুণৰ এজাক সামান্য বৰষুণ দিলে সঘনাই ভাঙি যায় ৱাল সমুহ ঠাইয়ে ঠাইয়ে ।

কিন্তু; পুনৰ চলিত বৰ্ষত  বিশ্বনাথ চাৰিআলিৰ  তথা বালিপুখুৰী 
বিজেপি নেতা ঠিকাদাৰ জনৈক ৰণ্টু বাঢ়ৈ উপাধিৰ এজন ঠিকাদাৰে অতি নিম্নমানদণ্ডৰ সামগ্ৰীৰে কাম সম্পাাদন কৰাত বুধবাৰে পুণৰ  এজাক বৰষুণতে এখন এখনকৈ খহি পৰিল কোটি টকীয়া  আঁচনিৰ খনৰ কেইবাখনো ৱাল ৷
ইফালে ঠিকাদাৰ জনে মৌখিক ভাৱে সংবাদ মাধ্যমক জনাই উক্ত কোটি টকা ভিতৰত তেওঁ মাথোঁ ৭৩ লাখ হে কাম কৰা বুলি উল্লেখ কৰে বাকী সমুহ আন আন ঠিকাদাৰে আচনি খনৰ কাম কৰা বুলি প্ৰকাশ কৰে ।
উল্লেখযোগ্য যে সঘনাই মিত্ৰ জোট বিজেপি চৰকাৰৰ খনে  যি শূন্য সহনশীল কথা কয় তেনে সময়তে বিজেপি নেতা তথা পালিনেতা ঠিকাদাৰ নেতৃত্বত এই দৰে লুষ্ঠন চলা কাৰ্যক সহজ ভাৱে লব পৰা নাই বিশ্বনাথৰ দল সংগঠনে ।
এই ক্ষেত্ৰত উক্ত ঠিকাদাৰ সকলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সাহস হ'ব নে ? জলসিঞ্চন  মন্ত্ৰী ভৱেশ কলিতা সেই টোহে হ'ব লক্ষ্যণীয়

বাইট_ বিপুল তাতি আছা সম্পাদক বিহালী আঞ্চলিক সমিতি 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.