তেজপুৰ, ২৩ আগষ্ট: তেজপুৰত অনুষ্ঠিত হয় কংগ্ৰেছত যোগদান কাৰ্যসূচী । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন বৰা । তেজপুৰত উপস্থিত হৈ APCC ৰ সভাপতিগৰাকীয়ে চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰে । ইয়াৰ পাছতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত বৰাই আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দল বাগৰা নেতা বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, কংগ্ৰেছ দল ইতিহাস প্ৰসিদ্ধ এটা দল আৰু এই দলৰ পৰাই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি আৰম্ভ কৰিছে । কংগ্ৰেছ ৱৰ্কিং কমিটি এটা ক্লাৱ নহয় ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কাম কৰিছিল আৰু ১৯৪২ চনৰ ৮ আৰু ৯ ছেপ্টেম্বৰত ‘কৰেংগে আওৰ মৰেংগে’ বুলি আন্দোলন কৰি দেশ স্বাধীন কৰিছিল ।
সেই চি ডব্লিউ চি ৰ বিৰুদ্ধে এগৰাকী প্ৰাক্তন কংগ্ৰেছৰ নেতাৰ এনে মন্তব্য শোভা নাপায় । লগতে বৰাই কয় যে মানুহৰ যেতিয়া ৰাজনৈতিকভাৱে উত্তৰণ ঘটে তেতিয়া পৰিপক্ক হয় । যেতিয়া এখন সৰু চকীৰ পৰা ডাঙৰ চকী লৈ পদোন্নতি হয় তেতিয়া চিন্তা চৰ্চা ভাল হোৱাটো কামনা কৰোঁ বুলি উল্লেখ কৰে ।
ইয়াৰোপৰি APCC ৰ সভাপতিগৰাকীয়ে কয় যে যি দলৰ মুখ্যমন্ত্ৰীয়ে ২২-২৩ শাসন কৰিছিল, যি দলে তেওঁক বিধানসভা মজিয়াত চিনাকি কৰাই দিলে সেই দলৰ বিষয়ে এনে মন্তব্য শোভা নাপায় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই বুধবাৰে তেজপুৰ হেমবৰুৱা ভৱনত শোণিতপুৰ জিলাৰ প্ৰায় চাৰিশ বিভিন্ন ব্যক্তিয়ে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা অনুষ্ঠানত আহি জ্যোতি বিষ্ণু ফণী শৰ্মাৰ মূৰ্তিত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলিৰে এক শোভাযাত্ৰা কৰে ভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি ভাৰতৰ বৰ্ষৰ মহান বিজ্ঞানীসকলৰ প্ৰচেষ্টাত চন্দ্ৰয়ান ৩ ত সফল পদাৰ্পণলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু এই বিৰল দৃশ্যৰ উপভোগ কৰিবলৈ বাট চাই থকা বুলি কৈ বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰে ।
লগতে পঢ়ক: Chandrayaan 3: চন্দ্ৰযান-৩ অৱতৰণৰ ঐতিহাসিক মুহূৰ্ত প্ৰদৰ্শনৰ বাবে সাজু হৈছে বিদ্যালয়সমূহ