তেজপুৰ,১৯ অক্টোবৰ: তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মূল পথৰ দাঁতিৰ এই দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ তেনেই সামান্য পাৰ্কিং ব্যৱস্থা থকাৰ বিপৰীতে ইয়ালৈ অহা অধিকাংশ যান-বাহনেই পথৰ দাঁতিত ৰখাই গুৰুত্বপূৰ্ণ আৰু অতি ব্যস্ততাপূৰ্ণ অঞ্চলটোত নিতৌ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷
উল্লেখযোগ্য যে, শেহতীয়াকৈ বাজাৰ কলকতা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন নতুনকৈ মুকলি কৰা হৈছে আৰু এম বজাৰ নামৰ প্ৰতিষ্ঠানখন প্ৰায় চাৰি বছৰ পূৰ্বে মুকলি কৰা হৈছিল ৷ কিন্তু বাজাৰ কলকতা নামৰ প্ৰতিষ্ঠানখনৰ নিজস্বভাৱে পাৰ্কিঙৰ সুবিধা নোহোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে তেজপুৰ পৌৰসভা আৰু শোণিতপুৰ প্ৰশাসন ৰহস্যজনক ভাবে মৌন হৈ আছে ৷ আনহাতে এই দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি বাংলা ভাষা ব্যৱহাৰ কৰি আহিছে ৷
প্ৰতিখন চাইনব'ৰ্ডতে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ ৰাইজৰ মাজত ইতিমধ্যেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত আছুৱে দুয়োখন প্ৰতিষ্ঠানে বাংলা ভাষা ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বাংলা ভাষাৰ বেনাৰত কলা ৰং সানি দিয়ে ৷ আছু নেতা অৰূপ তালুকদাৰে এই প্ৰতিবাদ সন্দৰ্ভত কয় যে, ইতিমধ্যেই তেজপুৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ দাবী জনোৱা হৈছিল শোণিতপুৰ প্ৰশাসনৰ ওচৰত ৷
এনে অৱস্থাত ৰাজ্যিক ভাষাক আওকান কৰি ব্যৱসায়িক প্ৰতিষ্ঠান দুখনে বাংলা ভাষা ব্যৱহাৰ কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি তালুকদাৰে লগতে কয় যে ইয়াৰ পাছত আৰু অধিক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৷ ইপিনে বাজাৰ কলকতা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ উপযুক্ত পাৰ্কিং নথকাৰ বাবে অঞ্চলটোত হোৱা তীব্ৰ যানজঁট পূজাত অতি ভয়ংকৰ হ'ব বুলি প্ৰকাশ কৰি স্থানীয় বহু সংখ্যক লোকে এই প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ৷
লগতে পঢ়ক: Protest in Tinsukia: জনজাতিকৰণ নহ’লে ই ভি এমত দিয়া হ’ব প্ৰত্যুত্তৰ: মটক ছাত্ৰ সন্থা