তেজপুৰ,৪ আগষ্টঃ তেজপুৰত ঋণ দিয়াৰ প্ৰলোভনেৰে গ্ৰাহকৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন লোক ৷ ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰৰ মুখ্য কাৰ্যালয়ত সংঘটিত হ'ল এই ঘটনা ৷
আই চি আই চি আই বেংকৰ ঋণ বিভাগৰ কৰ্মচাৰী অপৰ্ণা মুৰু নামৰ মহিলা এগৰাকীৰ নিৰ্দেশত সৈকত নন্দী নামৰ গুৱাহাটীৰ লোক জনে শিক্ষক পুতুল নাথক বেংকৰ পৰা ঋণ দিব বুলি তেওঁৰ তথ্য পাতি নিবলৈ আহিছিল ৷
ফোন যোগে তেজপুৰৰ ঘৰপৰা চুবুৰীৰ বাসিন্দা পুতুল নাথক ঋণৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ নিবলৈ আহিব বুলি লোক জনে অৱগত কৰে ৷ নথি পত্ৰ নিবলৈ অহাৰ সময়তে তেজপুৰত আৰক্ষীয়ে আটক কৰে ৷ জানিবলৈ পৰা মতে, পূৰ্ৱতে ফোন কৰি ঋণৰ যাবতীয় তথ্য বিচাৰি যোগাযোগ কৰি গ্ৰাহকৰ পৰা বেংকৰ কোনো ধৰণৰ কাগজ পত্ৰ নথকাকৈয়ে এ টি এম, পাঁচবুক সকলো বিচাৰি লোৱাত সন্দেহ ওপজে নাথৰ আৰু তাৰ পিছত আৰক্ষীক অৱগত কৰাত বেংকৰ পৰা সৈকত নন্দীক আটক কৰি লৈ যায় আৰক্ষীয়ে ৷
লগতে পঢ়কঃ শিক্ষা বিভাগ আৰু গড়-কাপ্তানি বিভাগৰ বিৰুদ্ধে ঠায়ে ঠায়ে আছুৰ প্ৰতিবাদ