তেজপুৰ,৭ জানুৱাৰী : তেজপুৰ বাম পৰ্বতীয়াৰ কাবুল শৰ্মাই "বান ৰাজা" নামৰ এখন নৌকা প্ৰস্তুত কৰি চাপৰিৰ খেতিৰ বাবে মঙলবাৰে মুকলি কৰে । নৌকাখন মুকলি কৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা হেমন্ত বৰুৱাই । থলুৱা খাদ্যৰ খেতিৰ বাবে ব্ৰহ্মপুত্ৰ চাপৰিত কৃষি কৰ্মত ব্যস্ত খেতিয়কৰ গৰু, ম'হৰ গাখীৰ আদি বিভিন্ন ঠাইত বাৰিষা কালত পাৰ কৰিবলৈ ব্যৱহাৰৰ কৰা হ'ব এই নৌকাখন ।
বান ৰাজা নৌকাখন মুকলি কৰি হেমন্ত বৰুৱাই কাবুল শৰ্মাক কৰ্মপ্ৰাণ উপাধিৰে বিভূষিত কৰে । তেওঁ ভাষণ প্ৰসংগত কয় যে, বিদেশী খেদি আন্দোলন কৰা ধৰণে চৰ চাপৰি অঞ্চলত থলুৱা লোকে যদি খেতি কৰি আৰু নিজৰ বাছি থকা ঠাইত খেতিৰে নদন বদন কৰে তেতিয়া বিদেশী আহি সোমাব নোৱাৰে ।