ETV Bharat / state

Ban imposed at picnic spots: শোণিতপুৰৰ বনভোজস্থলীত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি - তেজপুৰ

তেজপুৰবাসীয়ে এই বছৰ খাবলৈ নাপাব নেকি মিলি-জুলি বছৰটোৰ শেষৰ ভাতসাঁজ ?

Ban imposed at picnic spots
১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 8:05 PM IST

তেজপুৰ, ২৫ অক্টোবৰ : বছৰটো শেষ হ’বলৈ মাথো আৰু দুটা মাহ মাজত ৷ অধীৰ আগ্ৰহেৰ বাট চাই ৰৈ থকা দুৰ্গা পূজাও ইতিমধ্যে শেষ হ’ল ৷ লাহে লাহে শীতৰ অনুভৱে চুইছেহি সকলোকে ৷ উৎসৱপ্ৰেমী ৰাইজ এতিয়া সাজু হৈছে দেৱালী আৰু লক্ষ্মী পূজাক লৈ ৷ বছৰটোৰ শেষত বৰদিন উদযাপনৰ বাবেও একাংশ লোক উদগ্ৰীৱ হৈ আছে ৷ কিন্তু এই সকলো উৎসৱ-পাৰ্বণৰ মাজত এক সুকীয়া মাদকতা আছে ঘৰৰ পৰা আঁতৰি মনে মিলা মানুহখিনিৰ লগত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি লগে-ভাগে ভাত এসাঁজ খোৱা ৷ জাৰকালি বনভোজলৈ যোৱাটোও অসমত এক উৎসৱৰ নিচিনাই ৷ কিন্তু কেতিয়াবা ভাবি চাইছেনে ফূৰ্তি কৰাৰ নামত আমি জীৱশ্ৰেষ্ঠই এই ধৰাৰ কিমান ক্ষতি কৰিছো ?

পৰিৱেশ সুৰক্ষা সন্দৰ্ভত আমি কিমান সচেতন ? বনভোজলৈ যোৱাৰ সময়ত আমি লৈ যাওনে ডাষ্টবিনৰ পেকেট নতুবা জাবৰ জলোৱাৰ সকলো সামগ্ৰী ! খোৱা ঠাইডোখৰেই আমাৰ বাবে হৈ পৰে আৱৰ্জনাথলী ! আচলতে এইবোৰ কথা কোনোবাই কাৰোবাক বুজাই অনুভৱ কৰাব নোৱাৰে ৷ নিজে অনুধাৱন কৰিব পাৰিলেহে শুধৰণিৰ বাট মুকলি হয় ৷ এইবছৰ হয়তো তেজপুৰবাসীয়ে খাবলৈ নাপাব বনভোজ, কিয়নো শোণিতপুৰ জিলা আয়ুক্তই জিলাখনৰ বনভোজথলী সমূহলৈ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে ।

জিলাৰ সদৰ তেজপুৰ চহৰৰ পাৰ্শ্বৱৰ্তী পৰ্যটনৰ বনভোজথলীসমূহ যেনে দেবীসিং ঘাট, জাহাজ ঘাট, কলীবাৰীৰ বিষ্ণু ৰাভা স্মৃতি উদ্যান আদিকে ধৰি বিভিন্ন বনভোজ তথা পৰ্যটনস্থলী সমূহত বনভোজকাৰী দলৰ বিয়লি ৫ বজাৰ পিছত প্ৰৱেশ নিষেধ কৰা হৈছে । বনভোজৰ দলবোৰে মদ্যপান কৰা তথা প্লাষ্টিক ব্যৱহাৰ কৰি আৱৰ্জনাৰ সৃষ্টি কৰাৰ ফলত জৈৱ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে প্ৰাকৃতিক জলভাগ দূষিত হোৱাৰ উপৰিও বিভিন্ন ধৰণে পৰিৱেশ প্ৰদূষণ হয় ৷ এনে পৰিপ্ৰেক্ষিতত শোণিতপুৰৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে ।

জিলাখনৰ বিভিন্ন বনভোজস্থলীত বিয়লি ৫ বজাৰ পিচত উপস্থিতি নিষিদ্ধ কৰাৰ লগতে নদীৰ ঘাটত জৈৱ বৈচিত্ৰ বিঘ্নিত হোৱা যিকোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা, উচ্চ স্বৰত লাউড স্পীকাৰ বজোৱা, ডি জে, অনুভাষ যন্ত্ৰ, মাইক বজোৱা, বনভোজস্থলী বা নদীৰ ঘাটৰ আশে-পাশে নিচাযুক্ত দ্ৰব্য কিনা-বেছাৰ লগতে সেৱন কৰা, আশে-পাশে আৱৰ্জনা পেলোৱা আৰু মুকলি ঠাইত শৌচ কৰা আদি কাৰ্যত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছে । এই আদেশ তাৎক্ষণিকভাৱে বলবৎ হোৱাৰ লগতে পৰৱৰ্তী আদেশ নিদিয়ালৈকে বাহাল থাকিব বুলি ঘোষণা কৰিছে । আনহাতে এই আদেশ উলংঘা কৰিলে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৮৮ ধাৰা অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা দণ্ডাধীশ গৰাকীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Rajnath Singh visits Tawang : ভাৰত-চীন সীমান্তৰ বুমলাত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.