তেজপুৰ, 14 মে' : সম্প্ৰতি ধ্বংসৰ গৰাহত শোণিতপুৰ জিলাৰ বালিপৰা বনাঞ্চল। লক্ ডাউনৰ সুবিধা লৈ এচাম দুষ্কৃতিকাৰীয়ে দৈনিক এফালৰ পৰা কাটি তহিলং কৰিছে বনাঞ্চলখনৰ মূল্যবান গছসমূহ ৷ শোণিতপুৰৰ নামেৰী বনাঞ্চলৰ গাতে লাগি থকা বালিপাৰা বনাঞ্চলত চলিছে দুষ্কৃতিকাৰীৰ ধ্বংসযজ্ঞ। বনাঞ্চলখনত থকা মূল্যবান শাল, চেগুন আদি গছসমূহ কাটি তহিলং কৰিছে এচাম বন ধ্বংসকাৰীয়ে।
এই ঘটনা নিতৌ সংঘটিত হৈ আহিছে যদিও বনাঞ্চলখনৰ পৰা মাত্ৰ ৫ কিল'মিটাৰ দূৰৈত থকা চাৰিদুৱাৰ বনবিভাগে কোনোধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় দল সংগঠনসমূহে । আনহাতে বনবিষয়াৰ লগত বুজাবুজি কৰিয়েই এচাম ব্যবসায়ীয়ে এনেধৰণে বনাঞ্চলখনত ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বহু স্থানীয় লোকে ।