ৰঙাপৰা,9 মে’: শনিবাৰে শোণিতপুৰৰ বালিপৰাৰ খনামুখৰ ৰাজগড় অঞ্চলক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ কিয়নো ৰাজগড় অঞ্চলত শনিবাৰে 17 জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷
জানিব পৰা মতে, বিগত ৪ দিনত ২৩ জনকৈ লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷ যাৰ বাবে জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে খনামুখৰ ৰাজগড় অঞ্চলক ৷
লগতে পঢ়ক: কৰ'ণা আতংকৰ মাজতেই ৰাজ্যত ঈদৰ প্ৰস্তুতি