ETV Bharat / state

চীনা সামগ্ৰীৰ বৰ্জনৰ বাবে তেজপুৰত ভাৰত তিব্বত সমন্বয় সংঘৰ সজাগতা সমদল

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 3:22 PM IST

তেজপুৰত ভাৰত তিব্বত সমন্বয় সংঘৰ সজাগতা যাত্ৰাত অংশগ্ৰহণ কৰিলে বিধায়ক পৃথ্বীৰাজ ৰাভাই । তিব্বতৰ মানস সৰোবৰত থকা মহাদেৱৰ মূৰ্তি তিব্বতৰ অধীনত আনিবলৈ এই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য় জিলা মন্ত্রী প্ৰেম পেটেলৰ ।

India Tibet Coordination Association rally
ভাৰত তিব্বত সমন্বয় সংঘৰ সমদল
ভাৰত তিব্বত সমন্বয় সংঘৰ সমদল

তেজপুৰ, ১০ ডিচেম্বৰ : চীনা সামগ্ৰীৰ প্ৰচলন বন্ধ আৰু তিব্বতক চীনৰ কবলৰ পৰা মুক্ত কৰাৰ দাবীৰে তেজপুৰত ভাৰত তিব্বত সমন্বয় সংঘৰ সজাগতা যাত্ৰা । আজি বিশ্ব মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাৰত তিব্বত সমন্বয় সংঘৰ অভিৱৰ্তনৰ দ্বিতীয় দিনা দেওবাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই । সংঘই চীনা বিৰোধী পোষ্টাৰ, বেনাৰ আৰু তিব্বতৰ মানস সৰোবৰত থকা মহাদেৱৰ মূৰ্তি তিব্বতৰ অধীনত আনিবলৈ এই প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

আনহাতে, ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ তৈয়াৰ কৰি ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়াৰ যি চক্ৰান্ত কৰিছে তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । কাৰণ ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলত চীনে তৈয়াৰ কৰা বান্ধৰ বাবে সমতল ভূমি অসমত ব্যাপক ভয়াৱহতা আহি পৰিব । দক্ষিণ তিব্বতৰ চেমা-য়ুং-ডোং হিম প্ৰবাহৰ পৰা উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদী সেই ঠাইত নাম লৈছে য়াৰলুং চাংপো ।

তিব্বত পৰ্বতৰ পৰা বৈ অহা এই নদীখনে অৰুণাচল প্ৰদেশ আন দুখন নদীৰ লগ লাগি অসমত ব্ৰহ্মপুত্ৰ অথবা বৰলুইত নামেৰে প্ৰৱেশ কৰিছে । মুঠ ২৮৮০ কিলো মিটাৰ দৈৰ্ঘ্য়ৰ এই নদীখনৰ ১৬২৫ কিলো মিটাৰ আছে বাংলাদেশত ।

আনহাতে, বিগত সময়চোৱাত দেশত চীনা সামগ্ৰীৰ বন্ধৰ বাবে চীনে এক বৃহৎ অৰ্থনৈতিক ঘাটি খাইছে বুলি দাবী কৰে সমন্বয় সংঘৰ মধ্যপ্ৰদেশৰ এগৰাকী জিলা মন্ত্রী প্ৰেম পেটেলে । তেওঁ কয় যে বিগত দীপাৱলীত ভাৰতে বহুতো চীনা সামগ্ৰীৰ বন্ধ কৰিবলৈ সক্ষম হৈছে । চীনৰ গ্ৰাসত থকা তীব্বতৰ মুক্তিৰ বাবে বিগত বহু বছৰ ধৰি আন্দোলন অব্যাহত ৰাখিছে ভাৰত তিব্বত সমন্বয় মঞ্চই ৷
চীনে সমগ্ৰ তীব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তীব্বতৰ সকলো অংশ অধীকাৰ কৰি পেলাইছে ৷ তিব্বতিয়ান সকলৰ মুক্তিৰ বাবেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সমন্বয়ৰ বাৰ্তাৰে ভাৰত তিব্বতৰ সমন্বয় মঞ্চই এই অধিবেশনত কেইবাটাও দাবী প্ৰস্তাৱ গ্ৰহণ কৰিব ৷

১৯৫৯তেই তীব্বত চীনে অধিকাৰ কৰিছে ৷ এয়া ভাৰতৰ বাবেও এক ভাবুকি বুলি কয় ভাৰত তিব্বতৰ সমন্বয় মঞ্চই ৷ তিব্বতিয়ান সকলক হত্যা-ভয় ভাবুকিৰে চীনে দমন কৰি আহিছে বুলি দাবী কৰে । অৰুণাচল প্ৰদেশৰ সমান্তৰাল ভাৱে লাডাখত বাৰম্বাৰ চীনে ভাবুকিৰ সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়ক:ডিজিপিক প্ৰত্যুত্তৰ; ডিৰাক-জয়সাগৰৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.