তেজপুৰ, 27 ফেব্ৰুৱাৰীঃ ২০১৮ চনৰ ডিচেম্বৰ মাহতে এক উচ্ছেদৰ অধিসূচনা জাৰি কৰিছিল যদিও তেজপুৰ জাহাজ ঘাটৰ ৰে'লৱে কলনীত বসতি কৰি থকা লোকসকলে খালী কৰা নাছিল আবাসসমূহ ৷ জিলা দণ্ডাধীশ শিৰোমণি মিলিৰ নিৰ্দেশ মতে আজি জিলা প্ৰশাসনে সম্পূৰ্ণ আৰক্ষী প্ৰশাসনৰ সহযোগিতাত, ৰে'লৱে কলনীৰ চৰকাৰী আবাসত অবৈধ ভাৱে থকা প্ৰায় ৫০ টা গৃহত উচ্ছেদ অভিযান চলায় ৷ প্ৰশাসনে তিনিদিন পূৰ্বে জাননী জাৰি কৰিছিল যদিও এই লোকসকলে এৰি দিয়া নাছিল গৃহ সমূহ ৷ যাৰ ফলস্বৰূপে প্ৰশাসনে আজি উচ্ছেদ কৰে এই গৃহ সমূহ ৷
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা