ETV Bharat / state

লক্​ ডাউনঃ কেনেদৰে চলিছে অসমৰ একমাত্ৰ মানসিক চিকিৎসাৰ প্ৰতিষ্ঠানখন !

author img

By

Published : May 14, 2020, 5:13 PM IST

Updated : May 14, 2020, 6:59 PM IST

লক্​ ডাউনৰ সময়ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শোণিতপুৰস্থিত ৰাজ্যৰ একমাত্ৰ মানসিক ৰোগৰ চিকিৎসালয় লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে ৷ চিকিৎসালয়খনে কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক সামৰি ইটিভি ভাৰতে প্ৰস্তুত কৰিছে এই বিশেষ প্ৰতিবেদন-

lgbrimh special story tezpur assam etv bharat news
লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

তেজপুৰ,14 মে’: 1876 চনত তেজপুৰত স্থাপিত অসমৰ একমাত্ৰ মানসিক চিকিৎসাৰ প্ৰতিষ্ঠানখন লক্​ ডাউনৰ সময়ত সন্মুখীন হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ ৷ Covid 19 ৰ সংক্ৰমণৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই সম্প্ৰতি যুঁজত নামি পৰিছে মানসিক চিকিৎসাৰ প্ৰতিষ্ঠানখন ৷ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে ৰোগীৰ মাজত সজাগতা সৃষ্টি আৰু সামাজিক ব্যৱধান মানি চলাৰ প্ৰতি সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ প্ৰতিষ্ঠানখনৰ বহিঃবিভাগৰ লগতে ৰোগীৰ কক্ষসমূহত স্বচ্ছতাৰ পৰীক্ষা কৰাৰ বাবে নিয়োজিত কৰা হৈছে এক বিশেষ দল ৷

ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

তদুপৰি লক্​ ডাউনৰ সময়ছোৱাত ৰোগীৰ চিকিৎসাত যতি নপৰিবলৈ ব্যৱস্থা কৰিছে অনলাইন ঔষধ যোগানৰ ৷ এই ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰি আহিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ উল্লেখনীয় কথা এয়ে যে, সম্প্ৰতি অসমৰ প্ৰতিখন জিলাত মানসিক চিকিৎসাৰ ব্যৱস্থা থকা হেতুকে বিশেষ প্ৰয়োজন নহ’লে ৰোগীক প্ৰতিষ্ঠানখনলৈ অহাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে ৷

লগতে চাওকঃ নগাঁৱৰ চাপানলাত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

Last Updated : May 14, 2020, 6:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.