ৰঙাপৰা,28মেঃ লক ডাউনৰ ফলত বহিঃৰাজ্যত থকা একাংশ শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাব লগা হোৱাৰ উপৰিও খাদ্য আৰু আৰ্থিক অনাতনত ভুগিছে পদব্ৰজে আৰু অন্যান্য ধৰণে গৃহ অভিমুখে যাত্ৰা কৰিছে শ্ৰমিকসকলে ৷ তেনে সময়তে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা চাইকেলেৰে আহি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত উপস্থিত হ'ল এজন যুৱক ।
মহাৰাষ্ট্ৰৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল চাৰিদুৱাৰ দলংৱস্তিৰ নিৱাসী জুংচন আনচাৰী । লকডাউনৰ বাবে কোম্পানীৰ কাম বন্ধ হৈ পৰাত তীব্ৰ খাদ্য সংকটত ভুগিছিল তেওঁ । ফলত উপায়হীন হৈ এখন চাইকেল ক্ৰয় কৰি অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে আনচাৰীয়ে ৷ ১৪ দিনৰ পূৰ্ৱে মহাৰাষ্ট্ৰৰ পৰা ৪০ জনীয়া এটা দলে চাইকেল চলাই যাত্রা আৰম্ভ কৰিছিল নিজ গৃহৰ অভিমুখে ৷
অবশেষত বুধবাৰে ৰাতিপুৱা আহি তেজপুৰত উপস্থিত হয় যুৱকজন । ইয়াৰ পাছতে তেজপুৰত যাৱতীয় স্বাস্থ্য পৰীক্ষাৰ অন্তত যুৱকজনক চাৰিদুৱাৰস্থিত কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে, প্ৰতিদিনে প্ৰায় ১০ ঘন্টাকৈ চাইকেল চলাই আহিছিল সস্প্ৰতি নিজ জিলাত উপস্থিত হোৱা যুৱকজনে ।
লগতে পঢ়কঃ ধুবুৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা