তেজপুৰ,২৬ জুন: অসমৰ শোণিতপুৰ জিলাৰ এগৰাকী যুৱকে বিদেশত যোগ শিক্ষা প্ৰদান কৰি সমাদৰ লাভ কৰাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱকে । চীন দেশৰ চাংহাইত বিগত ৫ বছৰে যোগ প্ৰশিক্ষক হিচাপে নিয়োজিত হৈ যোগশিক্ষা প্ৰদান কৰি আহিছে অসমৰ এগৰাকী যুৱকে । সম্প্ৰতি চীনৰ লগতে আন আঠখনকৈ ৰাষ্ট্ৰত যোগশিক্ষা প্ৰদানৰ অভিজ্ঞতাৰে পুষ্ট যোগ প্ৰশিক্ষকগৰাকীৰ নাম মাধৱ উপাধ্যায় ।
চীনত যোগ শিক্ষা প্ৰদান কৰা অসমৰ যুৱক মাধৱ উপাধ্যায়ৰ ঘৰ গহপুৰত । গহপুৰৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত খাটৰবাৰীৰ নিৱাসী কেশৱ উপাধ্যায়ৰ সুযোগ্য পুত্ৰ মাধৱ উপাধ্যায় । বিগত ৫ বছৰে চীনৰ চাংহাইতে থাকি যোগ প্ৰশিক্ষক হিচাপে বহুতক যোগৰ শিক্ষা প্ৰদানেৰে সুদক্ষ যোগগুৰু হিচাবে পৰিচিত হোৱা মাধৱে এইবাৰ গুৱাহাটীত আৰম্ভ কৰিব এখন যোগ বিদ্যালয় ।
কৃষ্ণ যোগশালা নামেৰে খানাপাৰাত এখন যোগ বিদ্যালয় খোলাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে চীনৰ চাংহাইত থকা মাধৱ উপাধ্যায়ে । ভাৰতবৰ্ষৰ যোগাভ্যাস এতিয়া বিশ্বৰ বিভিন্ন দেশতে জনপ্ৰিয় ৷ পশ্চিমীয়া দেশসমূহতো বৃদ্ধি পাইছে যোগৰ অনুশীলন । ভাৰতবৰ্ষত প্ৰাচীন কালৰে পৰা চলি আহিছে যোগ চৰ্চাৰ পৰম্পৰা ৷
সেই অনুসৰি যোগ বুলিলেই বিশ্ববাসীৰ মনত পৰে ভাৰতভূমিলৈ ৷ ২০১৪ৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ ৬৯ তম্ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ বাবে সমগ্ৰ বিশ্বকে আহ্বান জনাইছিল । সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ সদস্যৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে উক্ত প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ১৭৭ খন দেশৰ সহযোগিতাত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসস্বৰূপে উদযাপনৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ পাচতে যোগাভ্যাস বিয়পি পৰিল সমগ্ৰ বিশ্বতে ৷ যি প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ দ্বাৰা সুস্থ জীৱন-যাপন সম্ভৱ হয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷
লগতে পঢ়ক: Guwhati city flood: মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ বানৰ ওচৰত পৰাস্ত মুম্বাইৰ বান