ৰঙাপৰা,২২ অক্টোবৰ: ৰঙাপৰা সমষ্টিৰ হাৰচূড়া চাহ বাগিচাত থকা অসম ভেলী স্কুলত অনুষ্ঠিত হয় ২৭ সংখ্যক প্রতিষ্ঠা দিৱস(27th Foundation Day of Assam Valley School) । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে সফল সামৰণি পৰে । উল্লেখ্য যে বিগত তিনিদিন ধৰি গীত-মাত আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে বিদ্যালয়খনৰ পৰিবেশ জীপাল হৈ আছিল(27th Foundation Day observed in Rangapara) ।
প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনটোত সমবেত সংগীতৰে শুভাৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আতঁ ধৰে লেছলি ৱাৰ্ডয়ে । বিদ্যালয়খনৰ মগৰ হলত আৰম্ভ হোৱা গাম্ভীর্য্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি লেখক, গৱেষক দাৰ্শনিক ড০ পাৰ্থ ঘোষে কয় যে বিদ্যালয় শিক্ষা সমাপ্ত কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল এক জটিল সন্ধিক্ষণত উপনীত হয় ।
নিজৰ পৰিচয় নিজৰ প্ৰতিভা নিজে দাঙি ধৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক তেওঁ আহ্বান জনায় । কাৰো প্ৰৰোচনাত পৰি যিকোনো সিদ্ধান্ত নলবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলক পৰামৰ্শ দিয়ে । সিদ্ধান্ত নিজে ল'ব পৰা হ'ব লাগে, নিজৰ মনক অধ্যয়ন কৰিব লাগিব বুলি উল্লেখ কৰে ঘোষে । ভুল হোৱা দেখিলে ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও ভয় খাব নালাগে ।
সৰু সৰু বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায় । সমাজত এটা পৰিচয় দাঙি ধৰা আৰু সকলোৰে সৈতে চিনাকি হোৱাৰ কথা তেখেতে উল্লেখ কৰে । নিজক সন্মান কৰিব নাজানিলে আনকো সন্মান কৰিবলৈ নিশিকে বুলি তেখেতে মন্তব্য কৰে । সভাত উপস্থিত থকা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ ডেভিড ছামাৰছিল্ডে প্ৰতিষ্ঠা দিৱসৰ সৈতে জড়িত থকা ব্যক্তিসকলক শলাগ লয় ।
অসম ভেলী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে পৰবৰ্তী সময়ত নিজকে এ ভি এছ স্কুলৰ পৰা অধ্যয়ন কৰি অহা বুলি কৈ নিজকে গৌৰৱ অনুভৱ কৰাৰ কথা তেখেতে উল্লেখ কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমিত জুগৰানে কয় যে শিক্ষাই মানুহ গঢ়াৰ প্ৰধান অস্ত্ৰ । অসম ভেলী স্কুলে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিদ্যালয়খনৰ পৰা শিক্ষা সমাপ্ত হোৱাৰ পাছত বিশ্ব প্ৰসিদ্ধ বিশ্ব বিদ্যালয় সমূহত অধ্যয়নৰ ক্ষেত্ৰত অসম ভেলি স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক বিশেষ অগ্ৰাধিকাৰ দিয়া কথা তেখেতে সদৰী কৰে ।
বিদ্যালয়খনত অধ্যয়নৰত ছাত্র-ছাত্ৰীসকলক শাৰীৰিক-মানসিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি অহাৰ কথাও তেঁও উল্লেখ কৰে । সভাত ৰজত কিষান নামৰ বিদ্যালয়খনৰ ছাত্ৰী এগৰাকীয়ে প্ৰকাশ কৰি উলিওৱা ফাৰ্ষ্ট নামৰ গ্ৰন্থ উন্মোচন কৰে । সভাত অখিল খৈতান, ৰজত কিষান, ডেভিড ছামাৰছিল্ডে বিদ্যালয়খনে বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা বুটলিব পৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে । এইবেলি শ্ৰেষ্ঠ আৰ মগৰ বঁটা জিনাৰী আৰু মানস হাউছে লাভ কৰে । শেষত ছাত্র-ছাত্ৰীসকলে অসমৰ জাতীয় সংগীত আৰু দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ পাছতে অনুষ্ঠানটি সামৰণি পৰে ।
লগতে পঢ়ক: Murder in Kalgachia: বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত চাঞ্চল্য