ETV Bharat / state

ৰাজ্যজুৰি ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ৰণাৰ সংক্ৰমণে

author img

By

Published : Apr 23, 2021, 6:12 PM IST

এই মহামাৰীৰ মাজতে ৰাজ্যজুৰি ক’ভিড ভেকচিন প্ৰদান কৰি থকা হৈছে ৷ তাৰ মাজতে শোণিতপুৰ জিলাত এদিনতে অভিলেখ ভংগ কৰি প্ৰদান কৰা হ’ল ক’ভিড ভেকচিন । জিলাখনত ৩,৩৩৩ গৰাকী লোকে বৃস্পতিবাৰে প্ৰথম পালীৰ ভেকচিন আৰু দ্বিতীয় পালী ৮,৯৩ গৰাকীয়ে গ্ৰহণ কৰে ৷ এই হিচাবত জিলাখনত এদিনত ৪,৭৮৯ গৰাকীয়ে লোকে ভেকচিন গ্ৰহণ কৰে ৷

ৰাজ্যজুৰি ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ৰণাৰ সংক্ৰমণে
ৰাজ্যজুৰি ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ৰণাৰ সংক্ৰমণে

তেজপুৰ,২৩ এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ সমান্তৰলভাবে উত্তৰ অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ ৷ জানিব পৰা মতে, শোণিতপুৰ জিলাত বৃস্পতিবাৰে 381 গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকীৰ ক’ভিড আক্ৰান্তই মৃত্যুক সাৱটি ল’ব লগীয়া হয় ৷ একেদৰে লখিমপুৰ জিলাত ১০৫ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ২ গৰাকীৰ মৃত্যু আৰু ধেমাজি জিলাত ১২৫ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ১ গৰাকীৰ মৃত্যু হয় ৷ ইপিনে বিশ্বনাথ জিলাত মুঠ ২২ এপ্ৰিল লৈকে ৬১গৰাকী ক’ভিড-19 আক্ৰান্ত হৈছে ৷ সম্প্ৰতি এই পৰিস্থিতিক উচ্চতম ন্যায়ালয়ে জৰুৰীকালীন পৰিস্থিতি আখ্যা দিয়া দেখা গৈছে ।

সম্প্ৰতি ৰাজ্যৰ সকলো জিলাতে ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে । সকলো চৰকাৰী চিকিৎসালয়ত এতিয়া ভেকচিন লবলৈ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে ৷ শোণিতপুৰ জিলাত এই মুহূৰ্তলৈকে প্ৰায় ৮০ হাজাৰৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে । তাৰ বিপৰীতে বহু ঠাইত এই ভেকচিন লবলৈ যোৱাৰ সময়ত পৰীক্ষা কৰোঁতে বহুলোক পজিটিভ হোৱাও দেখা গৈছে । কিন্ত স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে এই ভেকচিন প্ৰদান কৰাৰ সময়ত ভিৰ হ্ৰাস কৰিবলৈ লোৱা নাই কোনো বিশেষ ব্যৱস্থা ।

উল্লেখযোগ্য যে, ভেকচিন প্ৰদান কেন্দ্ৰতে এই ভিৰ হ্ৰাস কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে হ’ব পাৰে আৰু ভয়ানক পৰিস্থিতি ; হয়তো গণ সংক্ৰমণৰ দিশে ধাৱমান হ’ব পাৰে এই ভাইৰাছ, যিহেতু অসমত ডাবল মিউটেণ্ট সংক্ৰমণ ৰোগীৰ শৰীৰত পোৱা গৈছে ।

লক্ষণীয় ভাৱে অক্সিজেনৰ সংখ্যা হ্ৰাস পাই দেশৰ ৰাজধানী দিল্লীত বহু ৰোগীৰ মৃত্যু ঘটিছে । অসমতো যদি এনে পৰিস্থিতি দিশে গতি কৰে তেনে পৰৱৰ্তী সময়ত ই যে এক ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিব সেয়া নিশ্চিত ৷ সময় থাকোতে সকলো সজাগ আৰু সচেতন হৈ থাকক ভেকচিন গ্ৰহণ কৰাৰ সময়তে হওঁক বা অন্য কোনো ঠাইলৈ যাঁওেতে, পৰিধান কৰক মাস্ক, মানি চলক শাৰীৰিক দুৰত্ব ৷

লগতে পঢ়কঃ তামোল-পাণৰ শৰাইলৈ অপহৃত পুত্ৰৰ মুক্তি বিচাৰিলে এহাল পিতৃ-মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.