ETV Bharat / state

ৰাজপথৰ আন্দোলনে কা বাতিল কৰিব নোৱাৰে : মতিউৰ ৰহমান

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 9:37 PM IST

Assam Sanmilita Mahasangha : তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ৷ কা বিৰোধিতাৰে ৰাজপথত আন্দোলন কৰিলে চৰকাৰে আইন বাতিল নকৰে বুলি মন্তব্য কৰে ৰহমানে ৷

Assam Sanmilita Mahasangha
মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান
কা সন্দৰ্ভত প্ৰতিক্ৰিয়া মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ

তেজপুৰ, 21 ডিচেম্বৰ : বিজেপি চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা থকা হেতুকে 2019 চনতে আইনলৈ পৰিণত কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ কিন্তু বৰ্তমানলৈকে আইনখন কাৰ্যকৰী কৰিব পৰা নাই চৰকাৰে ৷ কাৰণ এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অসম সন্মিলিত মহাসংঘৰ 68/2016 নং গোচৰটো 5 জনীয়া সাংবিধানিক বিচাৰপীঠত আৰু 350 টা গোচৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত বিচাৰাধীন হৈ আছে ৷ এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ৷

বৃহস্পতিবাৰে তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে 'কা' (CAA) ৰ বিৰুদ্ধে তৰা গোচৰটোও মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত বিচাৰাধীন হৈ আছে ৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত প্ৰথমবাৰৰ বাবে হস্তক্ষেপ কৰি 'কা' বিৰুদ্ধে গোচৰ তৰি থৈছে ৷ 'কা'ৰ বিৰূদ্ধে গোচৰ আছে বাবেই এই আইন কাৰ্যকৰী কৰিব পৰা নাই বুলি আজি তেজপুৰত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে মন্তব্য কৰে ৷

ৰহমানে 30 টা খিলঞ্জীয়া সংগঠনক সহযোগী গোচৰীয়া হিচাপে লৈ ছুপ্ৰিম কৰ্টত এই গোচৰ তৰিছে বুলি কয় ৷ 'কা' বিৰোধীতাৰে ৰাজপথত আন্দোলন কৰিলে চৰকাৰে আইন বাতিল নকৰে বুলি মন্তব্য কৰে ৰহমানে ৷ লগতে তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ে বিচাৰ কৰিহে 'কা' সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্ত ল'ব ৷ মহাসংঘই নাগৰিকত্ব আইনৰ 6 (ক)ৰ সাংবিধানিক বৈধতা সম্পৰ্কে লোৱা শুনানীৰ চূড়ান্ত ৰায় জানুৱাৰী মাহত ঘোষণা কৰাৰ পিছতেই মুখ্য ন্যায়াধীশক শীঘ্ৰে শুনানী অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাই আবেদন কৰিব বুলি ৰহমানে কয় ৷

মহাসংঘই অসমৰ আন দল-সংগঠনবোৰকো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক শীঘ্ৰে 'কা'ৰ শুনানী অনুষ্ঠিত কৰিবলৈ আবেদন জনাবলৈ আহ্বান জনায় ৷ মহাসংঘই আশা কৰে যে এই আইনখন অ-সাংবিধানিক আৰু পক্ষপাতমূলক বুলি গণ্য কৰি ছুপ্ৰিম কৰ্টে বাতিল কৰিব ৷ সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত ৰহমানৰ সৈতে মহাসংঘৰ প্ৰচাৰ সচিব নিৰঞ্জন লাহন, বিত্ত সচিব উজ্জ্বল নাথ আৰু তেজপুৰ মহাসংঘৰ সম্পাদক দীপক কুমাৰ নাথ উপস্থিত আছিল ৷

লগতে পঢ়ক : অসম-মণিপুৰ সীমান্তত স্থানীয় ৰাইজে জ্বলালে নগা উগ্ৰপন্থী সংগঠনৰ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.