ETV Bharat / state

Assam Sanmilita Mahasangha : ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব খিলঞ্জীয়াৰ ভাগ্য নিৰ্ণয় তথা সুৰক্ষা সম্পৰ্কীয় ৪টা গোচৰৰ শুনানি

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:55 PM IST

খিলঞ্জীয়া জনগণলৈ মহাসংঘৰ আহ্বান ৷ ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত খিলঞ্জীয়াৰ ভাগ্য নিৰ্ণয় তথা সুৰক্ষা সম্পৰ্কীয় ৪টা গোচৰৰ শুনানি অনুষ্ঠিত হ'ব ১৭ অক্টোবৰৰ পৰা ৷

Assam Sanmilita Mahasangha
অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান
অসম সন্মিলিত মহাসংঘৰ সংবাদমেল

তেজপুৰ, ২ অক্টোবৰ : আছু, অগপ, অসম সাহিত্য সভাই ১৯৭১ লৈ অবৈধ বিদেশী ৰক্ষাৰ পক্ষত থকা হেতুকে ৰায়দানত যদি অনাকাংক্ষিত বেমেজালি হয় তথা ক্ষতি হয় তেন্তে এইসকলেই জগৰীয়া হ'ব বুলি কয় অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ৷ সোমবাৰে তেজপুৰত সংবাদ মেল সম্বোধন এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মতিউৰ ৰহমানে ৷

সংবাদমেলত তেওঁ কয় কয় যে, অসম ভাৰতৰ সৈতে কৌশলগত ভাবে যুক্ত হৈ থকাৰ ৭৬ বছৰীয়া ইতিহাসত প্ৰথম বাৰৰ বাবে ছুপ্ৰিম ক’ৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত অসম সন্মিলিত মহাসংঘৰ নেতৃত্বত পৰিচালিত ৪ টা গুৰুত্বপূৰ্ণ গোচৰৰ নিৰৱচ্ছিন্ন শুনানি অনুষ্ঠিত হ’ব ৷ বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ বুলি ধৰা হয় আৰু এইয়া অসমৰ বাহিৰে ভাৰতৰ আন সকলো ৰাজ্যতে কাৰ্যকৰী হৈ আছে ৷ বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ পক্ষত আছু, অগপ আৰু অসম সাহিত্য সভাই অৱস্থান গ্ৰহণ কৰি থকা কাৰ্য অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক তথা জাতি ধ্বংসৰ কাৰণ বুলি উল্লেখ কৰে মতিউৰ ৰহমানে ৷

এই সংগঠন কেইটাৰ এনে অ-সাংবিধানিক আৰু জাতিধ্বংসী স্থিতিৰ বাবেই যদি ৰায়দানত অনাকাংক্ষিত বেমেজালি হয় তথা ক্ষতি হয় তেন্তে এইসকলেই জগৰীয়া হ'ব বুলিও তেওঁ আগতীয়াকৈ ঘোষণা কৰে । আছু, অগপ আৰু অসম সাহিত্য সভায়ো ছুপ্ৰিম ক’ৰ্টত ১৯৫১ ভিত্তি বছৰৰ সপক্ষে শপতনামা দিয়া উচিত বুলি মন্তব্য কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনবোৰক খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ১৯৫১ ভিত্তি বছৰৰ সপক্ষে নিজৰ স্থিতি স্পস্ট কৰিবলৈ আহ্বান জনায় তেওঁ ৷ আনহাতে বৰ্তমান আছুৰ আঞ্চলিকৰ পৰা কেন্দ্ৰীয় সমিতিলৈ নেতা সকলে সংগঠনৰ সংবিধান মানি নচলে বুলি কৈ এনেদৰে থাকিলে আছু নিপাত যাব বুলি কয় একালৰ ছাত্ৰ নেতা মতিউৰ ৰহমানে ৷

লগতে পঢ়ক : Badruddin Ajmal: এফালে I.N.D.I.Aত যোগদানৰ আশা, আনফালে ক্ষোভ আজমলৰ; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সমালোচনাত মুখৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.