ETV Bharat / state

Assam Rifles Operation : মিজোৰামত বৃহৎ পৰিমাণৰ সমৰ সৰঞ্জাম জব্দ - tactical and war like stores

অসম ৰাইফলছ (পূব)ৰ ইন্সপেক্টৰ জেনেৰেলৰ অধীনত ২৩ ছেক্টৰ অসম ৰাইফলছৰ লুংলেই বেটেলিয়নে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে (operation against anti national activities) এক গুৰুত্বপূৰ্ণ অভিযানত চিয়াজিলাৰ টুইপাং গাঁৱৰ ওচৰত প্ৰযুক্তিগত আৰু সমৰ সৰঞ্জামৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰে (Assam Rifles) ।

Mizoram
Mizoram
author img

By

Published : Oct 31, 2022, 3:42 PM IST

তেজপুৰ, ৩১ অক্টোবৰ : অসম ৰাইফলছ (পূব)ৰ ইন্সপেক্টৰ জেনেৰেলৰ অধীনত ২৩ ছেক্টৰ অসম ৰাইফলছৰ লুংলেই বেটেলিয়নে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে (operation against anti national activities) এক গুৰুত্বপূৰ্ণ অভিযানত চিয়াজিলাৰ টুইপাং গাঁৱৰ ওচৰত প্ৰযুক্তিগত আৰু সমৰ সৰঞ্জামৰ দৰে সামগ্ৰীৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰে (Assam Rifles) । আজি পুৱতি নিশা চলোৱা এই অভিযানত চাৰিজন লোককো আটক কৰা হয় । গুৱাহাটীস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই কথা প্ৰকাশ কৰিছে ।

এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু চিয়াহা আৰক্ষী থানাৰ প্ৰতিনিধিসকলে যুটীয়াভাৱে এই অভিযান চলায় (Assam Rifles detained insurgents) । দলটোৱে ম্যানমাৰত থকা বিদ্ৰোহীসকলৰ বাবে প্ৰযুক্তিগত আৰু যুদ্ধৰ দৰে সামগ্ৰীৰ (tactical and war like stores) সৰবৰাহৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰিছিল ।

দলটোৱে টুইপাং গাঁৱত এখন কেনবো বাইক আৰু এটা যোধাক আচক কৰি আৰু তালাচী চলায় (insurgents based in Myanmar) । তাৰ পিছত অনুসন্ধান চলাই দলটোৱে বৃহৎ সংখ্যক প্ৰযুক্তিগত আৰু সমৰ সৰঞ্জামবোৰ উদ্ধাৰ কৰে । উদ্ধাৰ কৰা সামগ্ৰীবোৰ সামৰিক শ্ৰেণীৰ আছিল আৰু ম্যানমাৰত থকা বিদ্ৰোহীসকলে দেশবিৰোধী কাৰ্যকলাপৰ বাবে সেইবোৰ ব্যৱহাৰ কৰাটো অস্বীকাৰ কৰিব নোৱাৰি । সেয়ে উক্ত সামগ্ৰীবোৰ জব্দ কৰাটোৱে মূল্যৱান জীৱনৰ সম্ভাৱ্য ক্ষতি প্ৰতিহত কৰা বুলি অসম ৰাইফলছৰ সূত্ৰত প্ৰকাশ ।

জব্দ কৰা সামগ্ৰীবোৰ হৈছে :

(১) শ্বটগান -1

(২) 12 গজ 70 মিমি আৰডিএছ : 2483 আৰডিএছ

(3) জিলেটিন ষ্টিক - 169

(৪) ৰোল কেপ - 530

(৫) কমবেট বেক পেক - 2

(৬) যুঁজাৰু পোছাক - 3

(৭) পাউচ - 1

(৮) হাতমোজা - 1 যোৰ

(৯) মিল জোতা - 1 যোৰ

(১০) কেল 4.5 মিমি/0.177 পেলেট - 1500

(১১) কেনবো বাইক - 1

(১২) এখন যোধা বাহন, পঞ্জীয়ন নং MZ 03 9815

আটকাধীন ব্যক্তি আৰু জব্দ কৰা সামগ্ৰীবোৰ পৰৱৰ্তী অনুসন্ধান আৰু আইনী প্ৰক্ৰিয়াৰ বাবে 30 অক্টোবৰত চিয়াহা আৰক্ষী থানাক হস্তান্তৰ কৰা হৈছে । অসম ৰাইফলছৰ "ফ্ৰেইণ্ডছ অব দ্য হিল পিপল" বিগত বছৰবোৰত দেশবিৰোধীৰ বিৰুদ্ধে যুঁজত উল্লেখ কৰিবলগীয়া এক শক্তি হৈ পৰিছে । এই অভিযান সকলো দেশবিৰোধী কাৰ্যকলাপৰ বাবে এক ডাঙৰ বিফলতা । এই অভিযানৰ সফলতাই ভাৰত-ম্যানমাৰ সীমান্তত শান্তি আৰু সম্প্ৰীতি স্থাপনত বহু দূৰ আগবাঢ়িব ।

লগতে পঢ়ক :Burmese Supari seized: খটখটিত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.