তেজপুৰ, ৯ অক্টোবৰ : অৰ্জুন বঁটাপ্ৰাপক অসমৰ দৌৰবিদ হিমা দাসক অসম ৰাইফলছৰ সম্বৰ্ধনা (Assam Rifles felicitated Hima Das) । অসম ৰাইফলছৰ হৈ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত মুখ্য কাৰ্যালয় ২১ ছেক্ট AR হাফলং বেটেলিয়নে এই সম্বৰ্ধনা জনায় (Headquarters Inspector General Assam Rifles East) । দেওবাৰে হাফলঙৰ এন এল ডাউলাগুপু ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত হিমা দাসক সম্বৰ্ধনা জনোৱা হয় (Hima Das felicitated at Haflong) ।
উল্লেখ্য, ক্ৰীড়াৰ প্ৰসাৰ তথা ইয়াৰ বাবে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে ডিমা হাচাও ভ্ৰমণত আছে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তথা ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ অধিকাৰী হিমা দাস । উক্ত ভ্ৰমণৰ সময়তে অৰ্জুন বঁটাপ্ৰাপক হিমা দাসক (Arjuna Awardee Hima Das) সম্বৰ্ধনা জনাবলৈ পাই সৌভাগ্য অৰ্জন কৰা বুলি জনায় অসম ৰাইফলছে ।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত ডিমা হাচাওৰ ২৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কেবিনেট মন্ত্ৰী মতী নন্দিতা গাৰ্লোচা (Cabinet Minister Nandita Garlosa), জিলাখনৰ উপায়ুক্ত আৰু অন্যান্য ক্ৰীড়া কৰ্তৃপক্ষৰ বিষয়ববীয়া উপস্থিত থাকে । উক্ত অনুষ্ঠান অসম ৰাইফলছৰ বাবে ক্ৰীড়াক উৎসাহিত কৰাৰ এক সুযোগ বুলি উল্লেখ কৰে । অসম ৰাইফলছৰ মতে, ইয়াৰ জৰিয়তে সমাজৰ বিকাশ কৰিব পৰা যাব আৰু যুৱসকলক সঠিক দিশত নিৰ্দেশিত কৰিব পাৰে । যাৰ ফলত এক ব্যাপক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।
লগতে পঢ়ক :ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা