তেজপুৰ, 15 ফেব্ৰুৱাৰীঃ তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ‘অস্তিত্ব ৰক্ষাৰ জাগৰণ’ আৰু পদ যাত্ৰা ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ‘অস্তিত্ব ৰক্ষাৰ জাগৰণ’ সভাত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত শাসনাধীন বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । 2021 বৰ্ষত কংগ্ৰেছ দল শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ সম্পূৰ্ণ ৰূপে বাতিল কৰাৰো আশ্বাস প্ৰদান কৰে ৰিপুন বৰাই ৷
প্ৰায় শতাধিক কংগ্ৰেছৰ কৰ্মীৰ অংশগ্ৰহণৰে তেজপুৰ পাৰ্কিঙৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপলৈ পদযাত্ৰা উলিওৱা হয় ৷ আনহাতে, জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰা হয় ৷ উক্ত পত্ৰৰ দ্বাৰা অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ সংৰক্ষণ ব্যৱস্থা, নিযুক্তি আৰু পদোন্নতি দুয়ো ক্ষেত্ৰত বাহাল ৰখাৰ বাবে দাবী উত্থাপন কৰা হয় ৷
লগতে পঢ়ক-কৰিমগঞ্জৰ লালখিৰাত পথ দূৰ্ঘটনা