ETV Bharat / state

তেজপুৰ চেন্ট্ৰেল জেলৰ কয়দীক নিচাযুক্ত সামগ্ৰী যোগানত কাৰাগাৰ কৰ্মচাৰী !

উত্তৰ অসমৰ তিনি জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান ৷ তেজপুৰত ভাং সহ আটক হৈছে কাৰাগাৰ কৰ্মচাৰীও ৷

author img

By

Published : Aug 17, 2021, 7:21 PM IST

assam-police-being-successful-on-mission-against-drugs-in-three-districts-of-north-assam
তেজপুৰ চেন্ট্ৰেল জেলৰ কয়দীক নিচাযুক্ত সামগ্ৰী যোগানত কাৰাগাৰ কৰ্মচাৰী !

তেজপুৰৰ,১৭ আগষ্ট: সমগ্ৰ অসমৰ লগতে উত্তৰ অসমৰ তিনিখন জিলাত ড্ৰাগছকে ধৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈছে ৷ এই সম্পৰ্কত বৰ্তমান শোণিতপুৰ জিলাত বহু বিস্ফেৰক তথ্য পোহৰলৈ আহিছে । তেজপুৰ আৰক্ষীৰ অভিযানত ভাং সহ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কৰ্মচাৰী কৰায়ত্ত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে পুৰণা পুলিচ লাইনৰ বৌবজাৰৰ সমীপত এক তালাচী অভিযান চলাইছিল ৷

নিশা দোলাবাৰীৰ দিশৰ পৰা এখন মটৰচাইকেলত অহা এজন লোকক ৰখাই তালাচী চলাওঁতেই মটৰচাইকেলত এটা পলিথিনৰ মোনাত ৭৯গ্ৰাম ভাং উদ্ধাৰ হয় ৷ এই লোকজনে নিজকে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ(Tezpur central jail)ৰ কৰ্মচাৰী বিভাজন বসুমতাৰী বুলি চিনাকি দিছে ৷ ইয়াৰ লগতে তেওঁৰ লগত থকা ভাং নিজেই সেৱন কৰিবলৈ অনা বুলি প্ৰকাশ কৰিছে ৷

কিন্তু, আৰক্ষীয়ে তেওঁৰ কথাত পতিয়ন যোৱা নাই আৰু তেওঁ এই ভাং কাৰাগাৰৰ কয়দীক যোগান ধৰিবলৈ অনা বুলিহে সন্দেহ ব্যক্ত কৰিছে ৷ ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে জিন্মাত লৈ বসুমতাৰীক জেৰা চলাই ৰখাৰ লগতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৷

আনহাতে, সোমবাৰে তেজপুৰ আৰক্ষীয়ে আন এক অভিযানত ভোজখোৱাৰ মজিবুৰ ৰহমান আৰু আব্দুল সাহিদ নামৰ দুজন লোকক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে সোমবাৰে নিশাই ঢেকিয়াজুলিৰ ৰাজীৱ গাঁৱত ৪ কেজি ৬৫৩ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ঢেকিয়াজুলি আৰক্ষীয়ে ৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰাজীৱ গাঁৱত ওদালগুৰি জিলাৰ মাজবাটৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাত থৰাইছা দৈমাৰী(২৮)নামৰ মাজবাট লামাবাৰী গাঁৱৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে । AS12N 7978 নম্বৰৰ স্কুটীৰে এই গাঞ্জাখিনি লৈ আহিছিল ধৃত যুৱকজনে ।

ইয়াৰ উপৰিও তেজপুৰস্থ উত্তৰ অসমৰ আৰক্ষী মহা পৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাই জনোৱা তথ্য অনুসৰি, বিগত জানুৱাৰী মাহৰ পৰা শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাত বৃহৎ সংখ্যক ড্ৰাগছৰ লগতে নিচাযুক্ত সামগ্ৰীৰ জব্দ কৰিছে আৰক্ষীয়ে । এই সময়ছোৱাত শোণিতপুৰ জিলাত ২১ জন লোকক নাৰকটিক্স(Narcotics ) ড্ৰাগছ NDPS Act ৰ অধীনত আটক কৰা হৈছে ৷ মুঠ 077.626 গ্ৰাম গাঞ্জা ,118.52 গ্ৰাম ড্ৰাগছ আৰু 0.48 মিলি গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে আৰক্ষীয়ে ।

বিশ্বনাথ জিলাত ৭ জন লোকক নাৰকটিক্স ড্ৰাগছৰ অধীনত আটক আৰু মুঠ ২৩ জনক গ্ৰেপ্তাৰ লগতে গাঞ্জা 46.964 কেজি ,69.359 গ্ৰাম ড্ৰাগছ আৰু 60 মিলি গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷ লখিমপুৰ জিলাত এইসময়ছোৱাত 38 জন লোকক নাৰকটিক্স ড্ৰাগছ অধীনত আটক কৰি মুঠ 56 জনক গ্ৰেপ্তাৰ কৰে আৰু 54.375 গ্ৰাম 3 পেকেট গাঞ্জা 494.19 গ্ৰাম ড্ৰাগছ , 52 গ্ৰাম মাৰিজোৱা,336 Nitrosum টেবলেট , 64 টা sampfx Plus , এখন বলেৰ’ এখন মটৰ চাইকেলৰ লগতে 3 টা Codeine Phosphate আৰু বিভিন্ন Cough syrup জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

লগতে পঢ়ক : চাপৰত বৃহৎ পৰিমাণৰ ক'ফ চিৰাপ সহ তিনি সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.