ETV Bharat / state

টিকটকত ভিডিঅ' আপলোড দি চাকৰি হেৰুৱালে এছ আই ছাৰে - ASSAM TEZPUR POLICE SI SUSPENDED NEWS

নিলম্বিত হোৱা আৰক্ষী বিষয়াজন হ'ল তেজপুৰ মিছামাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ভূপেন্দ্ৰ ৰাৱাট। অভিযোগ অনুসৰি ভূপেন্দ্ৰ ৰাৱাটে মিছামাৰীত কেইজনমান যুৱকক লক ডাউন ভংগ কৰাৰ অপৰাধত কাণত ধৰি উঠ-বহ কৰিবলৈ দি ভিডিঅ' নিৰ্মাণ কৰি টিকটকত আপলোড কৰিছিল ৷

টিকটকত ভিডিঅ' আপলোড দি চাকৰি হেৰুৱালে এছ আই ছাৰে

author img

By

Published : Apr 24, 2020, 3:39 PM IST

তেজপুৰ,২৪ এপ্ৰিল : লক ডাউনৰ কঠোৰ নীতি-নিৰ্দেশনা বলৱৎ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যদিও লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে একাংশ কৰ্তব্যৰত আৰক্ষীয়ে শাস্তিৰ নামত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
একাংশ আৰক্ষীয়ে ক্ষমতাৰ চৰম অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে শোণিতপুৰত এজন আৰক্ষী বিষয়াক তৎকালে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে গৃহ বিভাগে। নিলম্বিত হোৱা আৰক্ষী বিষয়াজন হ'ল তেজপুৰ মিছামাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ভূপেন্দ্ৰ ৰাৱাট। অভিযোগ অনুসৰি ভূপেন্দ্ৰ ৰাৱাটে মিছামাৰীত কেইজনমান যুৱকক লক ডাউন ভংগ কৰাৰ অপৰাধত কাণত ধৰি উঠ-বহ কৰিবলৈ দি ভিডিঅ' নিৰ্মাণ কৰি টিকটকত আপলোড কৰিছিল। যিটো ভিডিঅ' অতি কম সময়ৰ ভিতৰত ভাইৰেল হৈছিল। একাংশ লোকক সামাজিক ভাৱে হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে এনে নীতি বহিৰ্ভূত ঘটনা সংঘটিত কৰাত অসম আৰক্ষীৰ শীৰ্ষ মহলে মিছামাৰী থানাৰ উপ-পৰিদৰ্শক জনক কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে।

লগতে চাওকঃ নগাঁৱৰ ৰূপহীহাটত চৰকাৰী ধন আবন্টনৰ নামত দুৰ্নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.