তেজপুৰ, ১৩ জুন: অসমত কংগ্ৰেছ দল নোহোৱা হৈ যোৱা নাই, কাৰ্বি আংলং জিলা পৰিষদৰ নিৰ্বাচনৰ(KAAC election result2022) প্ৰতিদ্বন্দিতা আছিল কংগ্ৰেছ আৰু স্থানীয় ৰাজনৈতিক দল । এই স্বীকাৰোক্তি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিশাল জয়লাভৰ পাছত দেওবাৰে নিশা তেজপুৰৰ সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰীয়ে এই কথা স্বীকাৰ কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই লগতে বিজেপি আৰু মিত্ৰদল অগপক কংগ্ৰেছ নাই বুলি হাত সাৱটি বহি নাথাকিবলৈ আহ্বান জনায় ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় য়ে, কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু ই কেতিয়াও নিঃশেষ হৈ নাযায় ৷ অহা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ লগতেই প্ৰতিদ্বন্দিতা হ’ব বুলি তেওঁ মন্তব্য কৰে । তেওঁ আৰু কয় যে, কাৰ্বি আংলং জিলা নিৰ্বাচনৰ ফলাফল যথেষ্ট ভাল হৈছে ৷ বিজেপি দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিছে ।
লগতে পঢ়ক : KAAC election result 2022: আটাইকেইখন আসনতে জয় বিজেপিৰ