ETV Bharat / state

বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতীক সহায়ৰ হাত অসম এছ’চিয়েচন বাংগালুৰুৰ - দৈনন্দিন লাগতিয়াল দ্ৰব্য

লক্ ডাউনৰ সময়চোৱাত বহিঃৰাজ্যত থকা অসমৰ যুৱক যুৱতীক সহায়ৰ হাত আগবঢ়াইছে বাংগালুৰুৰ অসম এছ’চিয়েচনে ৷

assam association helps youth at lock down

author img

By

Published : Mar 30, 2020, 5:30 PM IST

তেজপুৰ,৩০ মাৰ্চ : হঠাৎ দেশজুৰি তলা বন্ধ ঘোষণা কৰাৰ পিচত চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বাংগালুৰুৰ হোটেলত কৰ্মৰত অসমৰ বড়ো যুৱকৰ এটা দলে ভয়তে সহায়ৰ বাবে এটা ভিডিঅ'ৰ জৰিয়তে বিভিন্ন দল সংগঠনক আহ্বান জনায় ৷ তেওঁলোকে কাম কৰি থকা হোটেলখন বন্ধ হৈ পৰা ফলত থকা-খোৱাৰ লগতে ঘৰলৈ যাবলৈও সকলো ধৰণৰ যাতায়তৰ ব্যৱস্থা বন্ধ হৈ যোৱাত অধিক বিপদৰ সন্মুখীন হৈছে যুৱককেইজন ৷

তেওঁলোকক সহায়ৰ বাবে চ'ছিয়েল মিডিয়াত বিভিন্ন জনে বড়ো যুৱকৰ দলটোক সহায় কৰিবলৈ আহ্বান জনাইছিল ৷ খবৰটো বাংগালুৰুত থকা অসমৰ বিভিন্ন দল-সংগঠনৰ দৃষ্টি গোচৰ কৰিবলৈ বিভিন্ন জনে চেষ্টা কৰিছিল আৰু ঠিক তেতিয়াই অসম এছ’চিয়েচন বাংগালুৰুৰ প্ৰণৱ জ্যোতি বৰাই ততাতৈয়াকৈ যুৱকৰ দলটোক সাক্ষাৎ কৰে ৷ তেওঁলোকৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও তেওঁলোকক কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ বিষয়ে আৰু এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ধৰণৰ উপায় অৱগত কৰায় ৷ তাৰোপৰি শংকিত হোৱা ভিডিঅ' বনাই অসমলৈ পঠিয়াই পৰিয়ালৰ লোকৰ উপৰিও বহিঃৰাজ্যত থকা যুৱক-যুৱতীক শংকিত নকৰিবলৈও আহ্বান জনায় ৷

বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতীক সহায়ৰ হাত অসম এছ’চিয়েচন বাংগালুৰুৰ
বাংগালুৰু চহৰত অধ্যয়ন কৰি থকা বা কৰ্মৰত হৈ থকা কিছু যুৱক-যুৱতীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ পৰা সঘনাই অসম এছ’চিয়েচন বাংগালুৰুৰ সৈতে ফোন যোগে যোগাযোগ কৰি কৰ’ণা ভাইৰাছৰ সতৰ্কতাৰ বাবে ঘোষণা কৰা তলা বন্ধৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ অৱগত কৰিছে ৷ অসম এছ’চিয়েচন বাংগালুৰুৰ তৰফৰ পৰা প্ৰণৱ জ্যোতি বৰাই সকলোকে শংকিত নহ'বলৈ আহ্বান জনায় ৷ বাংগালুৰু চহৰত সকলোধৰণৰ দৈনন্দিন লাগতিয়াল দ্ৰব্য উপলব্ধ হোৱাকৈ প্ৰশাসনে সম্পূৰ্ণ ব্যবস্থা কৰিছে ৷ এই সময়ত সকলোৱে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজৰ নিজৰ ঠাইতে থাকি চাফ-চিকুণতাৰে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ দূৰীকৰণৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.