তেজপুৰ, 28 নৱেম্বৰঃ বৃহস্পতিবাৰে তেজপুৰৰ আৱৰ্ত ভৱনত অসম চুক্তি ৰূপায়ণৰ উচ্চ পৰ্যায়ৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় ৷ কেন্দ্ৰীয় চৰকাৰে অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা এই উচ্চ পৰ্যায়ৰ কমিটিয়ে গ্ৰহণ কৰে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সাক্ষ্য ।
![তেজপুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28nov-802-visbite-assamaccord-pranabkumardas-7203907_28112019142038_2811f_1574931038_660.jpg)
অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই সমিতিয়ে বৃস্পতিবাৰে তেজপুৰত 6 খন জিলাৰ দল সংগঠন আৰু ব্যক্তি বিশেষৰ মতামত গ্ৰহণ কৰে। এই বৈঠকত অংশগ্ৰহণ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে খিলঞ্জীয়াৰ ৰক্ষা কৱচ আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাইজৰ মতামত গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে এই কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। ইপিনে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কোনোপধ্যেই কেব মানি লোৱা নহ'ব বুলি কৈ ৰাজনৈতিক দল আৰু নাট সকলক জাতিৰ স্বাৰ্থত কাম কৰাৰ আহ্বান জনায়।