ETV Bharat / state

19 Assam workers missing in Arunachal: অৰুণাচল প্ৰদেশত অসমৰ 19 জন শ্ৰমিক সন্ধানহীন: এজনৰ মৃতদেহ উদ্ধাৰ - 1 dead in Arunachal Pradesh

অৰুণাচল প্ৰদেশত অসমৰ 19 জন শ্ৰমিক সন্ধানহীন (Assam 19 workers missing in Arunachal pradesh) ৷ বহিঃৰাজ্যৰ পৰা হেঁপাহৰ ঘৰখনত ঈদ উদযাপন কৰিবলৈ আহিছিল অসমৰ 19 গৰাকী শ্ৰমিক ৷ যাত্ৰা পথৰ পৰাই সন্ধানহীন শ্ৰমিককেইজন ৷ এজনৰ মৃতদেহ উদ্ধাৰ ৷

assam-19-workers-missing-in-arunachal-pradesh
অৰুণাচল প্ৰদেশত অসমৰ 19 জন শ্ৰমিক সন্ধানহীন
author img

By

Published : Jul 19, 2022, 10:18 AM IST

Updated : Jul 19, 2022, 10:24 AM IST

তেজপুৰ, ১৯ জুলাই: চৰণেহে জানে মৰণৰ ঠাই ৷ বহিঃৰাজ্যৰ পৰা হেঁপাহৰ ঘৰখনত ঈদ উদযাপন কৰিবলৈ আহিছিল অসমৰ 19 গৰাকী শ্ৰমিক ৷ যাত্ৰা পথৰ পৰাই সন্ধানহীন শ্ৰমিককেইজন ৷ এজনৰ মৃতদেহ উদ্ধাৰ ৷

অৰুণাচলৰ কুৰুং কুৰ্মে জিলাৰ ভাৰত চীন সীমান্তৰ দামিনত সংঘটিত হৈছে এই অঘটন ৷ বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনৰ অধীনত সীমান্তত কৰ্মৰত অসমৰ 19 গৰাকী শ্ৰমিকে যোৱা 10 জুলাইত ঈদ উপলক্ষে ঘৰলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হয় (Assam 19 workers missing in Arunachal pradesh) ৷ ইতিমধ্যে নিখোজ হৈ থকা এজন শ্ৰমিকৰ মৃতদেহ কুৰুং কুৰ্মে নদীত উদ্ধাৰ কৰিছে স্থানীয় লোকে ৷

নিখোজ হৈ থকা শ্ৰমিককেইজন বঙাইগাঁৱৰ আব্দুল আমিন, ৱাজেদ আলী, অভয়াপুৰীৰ নুৰুল ইছলাম, কোকৰাঝাৰৰ শ্বামিজুল শ্বেখ, কোল পুদিন, ধুবুৰীৰ আইনুল হক, ফৰিজুল হক, মনোৱাৰ হুছেইন, মাজিদুল আলি,বাক্সাৰ জয়নাল আলী, ৰুস্তম আলী, হিকমত আলী,বৰপেটাৰ মইজুল হক, খাইৰুল ইছলাম, শ্বহিদুল ইছলাম,অমিদুল হক, ইব্ৰাহীম আলী, কামৰূপৰ সোণাৰ উদ্দিন বুলি জানিব পৰা গৈছে ৷ মৃত শ্ৰমিকজনৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই (1 dead in Arunachal Pradesh) ৷

শ্ৰমিককেইজনে অসমলৈ খোজ কাঢ়ি অহা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে বৰ্ডাৰ ৰোডছৰ অধীনত বেঙীয়া তাচু নামৰ ঠিকাদাৰেজনে কাম কৰিবলৈ লৈ গৈছিল অসমৰ শ্ৰমিককেইজনক ৷ প্ৰজেক্ট অৰোনাকৰ অধীনত পূব অৰুণাচল প্ৰদেশৰ সীমান্তত কাম কৰি আছিল শ্ৰমিককেইজনে ৷

অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা নিৰুদ্দিষ্ট শ্ৰমিককেইজনৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো তথ্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক: Youths missing from Bilasipara : চাকৰিৰ প্ৰলোভনেৰে লৈ যোৱা 7 জনকৈ যুৱক নিৰুদ্দেশ

Last Updated : Jul 19, 2022, 10:24 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.