তেজপুৰ, ২ ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অসমীয়া জাতিৰ পিতৃপুৰুষ, বৰ অসমৰ স্ৰষ্টা চাওলুং চ্যুকাফা দিৱস অৰ্থাৎ অসম দিৱস উদযাপন কৰা হয় ৷ শোণিতপুৰ জিলা টাই আহোম বিকাশ সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰ চহৰৰ সমীপৱৰ্তী দোলাবাৰীৰ চুক্যাফা সমন্বয়(Dolabari Sukapha Samannay Kshetra) ক্ষেত্ৰ অৰ্থাৎ চুক্যাফা ভৱনত পুৱাৰ পৰা এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
![Asom Divas 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-2dec-pix-asomday-pranabkumardas-7203907_02122022170557_0212f_1669980957_886.jpg)
উল্লেখ্য যে, তেজপুৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা আহোম সম্প্ৰদায়ৰ লোকসকলৰ তৎপৰতাত টাই আহোম সাংস্কৃতিক বিকাশ সমিতিয়ে ১৯৫১ চনৰ পৰাই এই নিৰ্দিষ্ট ঠাইত চুক্যাফাৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ আঁচনি লৈ চুক্যাফা সমন্বয় ক্ষেত্ৰ আৰু চুক্যাফা ভৱন নিৰ্মাণৰ পৰিকল্পনাৰে প্ৰত্যেক বছৰেই ২ ডিচেম্বৰৰ দিনটোত চুক্যাফা দিৱস অৰ্থাৎ অসম দিৱসৰ আয়োজন কৰি আহিছে ৷
![Asom Divas 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-2dec-pix-asomday-pranabkumardas-7203907_02122022170557_0212f_1669980957_318.jpg)
ইয়াৰ লগতে নিৰ্মাণ প্ৰক্ৰিয়াও তৰান্বিত কৰি অহাৰ পাছত শুকুৰবাৰৰ দিনটোৰ পুৱা চুক্যাফাৰ(Chaolung Sukapha) প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলনৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ বিষয়ববীয়া ক্ৰমে - ডাঃ সুৰেন্দ্ৰ গগৈ, বিশিষ্ট বুৰঞ্জীবিদ তথা লেখক ভূবন চন্দ্ৰ গগৈ, প্ৰবীণ গগৈৰ লগতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
![Asom Divas 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-2dec-pix-asomday-pranabkumardas-7203907_02122022170557_0212f_1669980957_563.jpg)
আহোম যুৱতী-মহিলাৰ টাই ভাষাৰ মাংগলিক সমবেত গীতৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হোৱাৰ পাছতেই চুক্যাফাৰ জীৱন-দৰ্শন আলোকপাত কৰি মূল সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে আজিৰ দিনটোৰ তাৎপৰ্য আৰু এই কাৰ্যসূচীৰ সন্দৰ্ভত সদৰী কৰে টাই আহোম সাংস্কৃতিক বিকাশ সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়া বিশিষ্ট চিকিৎসক ডাঃ সুৰেন্দ্ৰ নাথ গগৈয়ে ৷
আনহাতে, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই(Sonitpur District DC) বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাক স্মৰণ নকৰিলে অসমীয়া জাতিৰ ইতিহাসেই আধৰুৱা হৈ ৰ'ব বুলি মন্তব্য কৰে ৷ ১২২৮ চনৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা বীৰ পুৰুষ গৰাকীক আজি স্মৰণ কৰিবলৈ পুৱা ১০ বজাৰ পৰা চুক্যাফা সমন্বয় ক্ষেত্ৰত ৰাইজ সমবেত হৈছে বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে বীৰ পুৰুষ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক : Satra Lands Commission : সত্ৰ আয়োগৰ প্ৰতিবেদনত বেদখলৰ ভয়ংকৰ তথ্য