ETV Bharat / state

Flood at Rangapara : বানে ধোৱা ৰঙাপৰাত মন্ত্ৰী অশোক সিংঘাল

বানে ধোৱা ৰঙাপৰাত মন্ত্ৰী তথা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংঘাল (Ashok Singhal visited flood affected areas of Rangapara) ৷ ৰঙাপৰাৰ বানপীড়িত অঞ্চল পৰ্যবেক্ষণ কৰাৰ লগতে বন্যাৰ্তসকলৰ লগতো মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷

বানে ধোৱা ৰঙাপৰাত মন্ত্ৰী অশোক সিংঘাল
বানে ধোৱা ৰঙাপৰাত মন্ত্ৰী অশোক সিংঘাল
author img

By

Published : Jun 28, 2022, 8:01 PM IST

ৰঙাপৰা, 28 জুন : মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ বানপীড়িত এলেকাসমূহত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী তথা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংঘাল । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেবাটাও বান বিধ্বস্ত এলেকা পৰ্যবেক্ষণ কৰি সমগ্ৰ পৰিস্থিতি বুজ লয় (Flood destroyed normal life in Assam)। লগতে বন্যাৰ্তসকলৰ লগতো মত বিনিময় কৰে মন্ত্ৰী সিংঘালে ৷

বানে ধোৱা ৰঙাপৰাত মন্ত্ৰী অশোক সিংঘাল

মঙলবাৰে দিনৰ প্ৰায় 12 বজাত প্ৰথমে মন্ত্ৰী অশোক সিংঘালে ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলুৱাটাৰ গাঁওখনৰ কাষেৰে বৈ যোৱা গাভৰু নৈৰ পাৰত উপস্থিত হয় । নৈখনৰ বাঢ়নী পানীয়ে সমগ্ৰ এলেকাটো কিদৰে ক্ষতি সাধন কৰিছে তাৰ সমগ্ৰিক পৰিস্থিত স্থানীয় ৰাইজৰ পৰা বুজ লয় (Ashok Singhal visited flood affected areas of Rangapara) ।

ভেলুৱাটাৰ গাঁৱত মন্ত্ৰীগৰাকীৰ সৈতে বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, ৰঙাপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা, ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মীৰা পানিকাও উপস্থিত থাকে ।

Flood at Rangapara
ন্যাৰ্তসকলৰ লগত মত বিনিময়

আনহাতে, সংবাদিকসকলৰে হোৱা এক সাক্ষাৎকাৰত অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দেশ মৰ্মে সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত বানপীড়িত আৰু বান বিধ্বস্ত এলেকাসমূহ পৰ্যবেক্ষণ কৰা হৈছে (Assam flood 2022) । এইবেলি বানে ৰাজ্যখনৰ কেবাখনো জিলাৰ লগতে শোণিতপুৰ জিলাখনকো ক্ষতি সাধন কৰিছে’’ ।

আনকি পৰৱৰ্তী সময়ত বান বিধ্বস্ত এলেকাসমূহ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰী অশোক সিংঘালে ৷

লগতে পঢ়ক : Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.