ETV Bharat / state

অৰুণাচলৰ চিজুছাত ২০ গৰাকী শিক্ষাৰ্থীক নিৰ্মম প্ৰহাৰ শিক্ষয়িত্ৰীৰ

চিজুছাত অঘটন । এগৰাকী নিষ্ঠুৰ শিক্ষকে ২০ গৰাকীকৈ ছাত্র-ছাত্রীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি পলাতক । অভিযোগ পাকে কেচাং জিলা ছাত্র সংস্থাৰ । আৰক্ষীৰ ওচৰত গোচৰ ৰুজু ।

arunachal students beaten by teacher
অৰুণাচলৰ চিজুছাত ২০ গৰাকী শিক্ষাৰ্থীক নিৰ্মম প্ৰহাৰ শিক্ষয়িত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:03 PM IST

Updated : Dec 11, 2023, 10:54 PM IST

অৰুণাচলৰ চিজুছাত ২০ গৰাকী শিক্ষাৰ্থীক নিৰ্মম প্ৰহাৰ শিক্ষয়িত্ৰীৰ

তেজপুৰ, ১১ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ পাকে কেচাং জিলাৰ চিজুছাৰ গলেচোস্থিত পতঞ্জলি সংস্থাৰ অধীনস্থ আচার্যকুলম প্ৰাইমাৰী বিদ্যালয়ৰ (ব্যক্তিগত খণ্ড) এগৰাকী নিষ্ঠুৰ শিক্ষকৰ বৰ্বৰতাৰ ঘটনা পোহৰলৈ আহিছে । সংস্কৃত ভাষা ক'ব নোৱৰাৰ বাবেই বিদ্যালয়খনৰ ২০ গৰাকীকৈ কণকণ ছাত্র-ছাত্রীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে শিক্ষকগৰাকীৰ বিৰুদ্ধে ।

আনহাতে, শিক্ষকগৰাকীৰ প্ৰহাৰত শিক্ষাৰ্থীকেইগৰাকীয়ে শৰীৰত বেয়াকৈ আঘাত পোৱাৰ ফলত আজিও সমগ্র চিজুছা অঞ্চলত উত্তেজনাই বিৰাজ কৰি আছে । জানিব পৰা মতে, যোৱা ৭ ডিচেম্বৰত বিদ্যালয়খনৰ শিক্ষয়িত্ৰী সাধৱী দেৱ কীৰ্তিয়ে বিদ্যালয়খনৰ ২০ গৰাকীকৈ কণকণ ছাত্র-ছাত্ৰীক সংস্কৃত ভাষা ক'ব নোৱৰাৰ বাবে লাঠিৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ।

ইফালে, নিষ্ঠুৰভাৱে প্ৰহাৰৰ পিছতো নিৰ্দয় শিক্ষয়িত্ৰীগৰাকীয়ে অভিভাৱকৰ আগত তেওঁলোকক প্ৰহাৰৰ বিষয়ে জনালে ইয়াতকৈ বেয়াকৈ প্ৰহাৰ কৰা হ'ব বুলিও ভাবুকি প্ৰদান কৰে । যাৰ ফলত ছাত্র-ছাত্রীসকলে ভয়তে নিজৰ অভিভাৱকক এই কথা জনোৱাৰ পৰা বিৰত আছিল । কিন্তু আঘাত গুৰুতৰ হোৱাৰ বাবে নিশা বিষত শুব নোৱৰাত অভিভাৱকে সকলো কথা জানিব পাৰে । ফলত এই বিষয়ে বিদ্যালয় কৰ্তৃপক্ষক সোধাপোছা কৰাত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক অব্যাহতি দি সমস্যা সমাধান কৰে ।

কিন্তু শিক্ষয়িত্ৰীগৰাকীক কেৱল অব্যাহতি দিয়ে কৰ্তৃপক্ষই দায়সৰা বিষয়টি সদৌ পাকে কেচাং জিলা ছাত্র সংস্থাই মানি ন'লৈ সোমবাৰে বিদ্যালয়খনত উপস্থিত হয় । তাৰ পিছত ছাত্ৰ সংগঠনটোৱে এই ঘটনাৰ তদন্ত কৰি অপৰাধী শিক্ষয়িত্ৰীগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ লগতে বিদ্যালয়খনত অধ্যয়নৰত ৭০ গৰাকী ছাত্র-ছাত্রীক চিজুছাস্থিত অন্যান্য বিদ্যালয়ত ভৰ্তি কৰাই বিদ্যালয়খন বন্ধ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায় । অন্যথা ছাত্র সংগঠনটোৰ দ্বাৰা গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি প্ৰশাসনক জনায় ।

উল্লেখ্য যে ছাত্র সংগঠনটোৱে পলাতক শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে চিজুছা থানত এখন এজাহাৰো দাখিল কৰে । চিজুছা আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩২৩/৩৪২ আৰু ৭৫ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । সদৌ পাকে কেচাং জিলা ছাত্র সন্থাই ব্যক্তিগত বিদ্যালয়খনত ভুক্তভোগী ছাত্র-ছাত্রীসকলক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ লগত এখন সভা অনুষ্ঠিত কৰি চৰকাৰী কোনো ধৰণৰ অনুমতি নোলোৱাকৈ যমেমধে শিক্ষক নিযুক্তি দি বিদ্যালয় স্থাপন কৰা কাৰ্যত কৰ্তৃপক্ষক তীব্রভাৱে গৰিহণা দিয়ে ।

জানিব পৰা মতে, বিয়লি প্ৰশাসনৰ দল এটা বিদ্যালয়খনত উপস্থিত হৈ তদন্ত চলায় আৰু আৰক্ষীৰ দ্বাৰা অপৰাধী শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে চমন জাৰি কৰে ।

লগতে পঢ়ক :জঘন্য ! মহিলাক বিবস্ত্ৰা কৰি পেৰেড, বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ

Last Updated : Dec 11, 2023, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.