ETV Bharat / state

তেজপুৰত AJYCPৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Nov 4, 2020, 7:39 PM IST

'কা' আৰু EIA বাতিলৰ দাবীত প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। তেজপুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰো দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

তেজপুৰত AJYCPৰ অৱস্থান ধৰ্মঘট
তেজপুৰত AJYCPৰ অৱস্থান ধৰ্মঘট

তেজপুৰ, ৪ নৱেম্বৰ: ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ প্ৰদৰ্শন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বুধবাৰে তেজপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে। নাগৰিকত্ব সংশোধনী আইন, EIA বাতিল আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবী জনায় সংগঠনটোৱে। উক্ত দাবী উত্থাপন কৰি তেজপুৰ আদালত চাৰিআলিত ২ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জাতিধ্বংসী এই আইনসমূহ বি জে পি নেতৃত্বাধীন চৰকাৰখনে অসম তথা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰি খিলঞ্জীয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপন কৰে জিলা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নৃপেন নাথে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি বিশ্বজিৎ কলিতাই কয় যে, 'যুৱ ছাত্ৰ পৰিষদে ১৯৭৮ চনৰে পৰা অৰ্থাত্ জন্ম লগ্নৰে পৰা অসমৰ ৰাইজৰ হকে আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবী জনায় আহিছে। কিন্তু চৰকাৰে সদায় মাহীআইৰ দৃষ্টি দি আহিছে আৰু অসমৰ চুবুৰীয়া ৰাজ্যৰ লগত হৈ থকা সীমা বিবাদ সমূহো বৰ্তমানলৈকে কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। এফালে, অৰুণাচল প্ৰদেশৰ লগত সীমা বিবাদ, আনফালে বৰ্তমান মিজোৰামৰ লগত চলি থকা উত্তপ্ত পৰিস্থিতি।' এইয়া তাৰে পৰিণতি বুলি দাবী কৰে যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি বিশ্বজিৎ কলিতাই ।

লগতে পঢ়ক:তিনিদিন ধৰি চাইফুলে বিচাৰি পোৱা নাই ৰুবিনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.