ৱালংঃ ১৯৬২ৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ এক চমূ অৱলোকন - শিবিৰত শত্ৰু পক্ষক
১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধত দেশৰ হকে যুঁজ দিয়া বীৰ যোদ্ধা বীৰত্বৰ গাথাই আজিও অনুপ্ৰাণিত কৰে সীমান্তত কৰ্তব্যৰত জোৱানক । ভাৰতীয় সেনা জোৱানৰ বলিদান আৰু কৰ্তব্য নিষ্ঠাৰ সাক্ষী বহন কৰি আছে পূৱ অৰুণাচলৰ প্ৰদেশৰ ৱালঙে ।
তেজপুৰ, ২৭ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ অন্তৰ্গত পূৱ সীমান্তত অৱস্থিত এখন সুন্দৰ ঠাই ৱালং। মেকমোহন লাইনৰ কাষতে কিবিথো পোষ্ট আৰু এই পোষ্টৰ পৰা ৱালঙলৈ ৮০ কিলোমিটাৰ । ১৯৬২ চনৰ ৮ চেপ্তেম্বৰত চীনা সৈন্যই নামকা-চু অঞ্চলত ভাৰত-তিব্বতৰ সীমান্তৰে ভাৰতীয় সৈন্যৰ অসম ৰাইফলছৰ কোম্পানীৰ ওপৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে ৷
পৰৱৰ্তী সময়ত চীনা সৈন্যই ক্ৰমান্বয়ে প্ৰৱেশ কৰে পূব অৰুণাচল প্ৰদেশৰ ৱালং চেক্টৰতো । কেৱল পূব অৰুণাচল প্ৰদেশৰ ৱালঙৰ বাহিৰে ভাৰতীয় সেনাৰ সকলো অঞ্চলতে প্ৰতিৰোধ ক্ষমতা আছিল । আজিৰ পৰা ৫৮ বছৰ পূৰ্বে হৈছিল ৱালং যুদ্ধ । ১৯৬২ চনত ৱালংৰ শিবিৰত শত্ৰু পক্ষক পৰাভূত কৰিবলৈ কম সংখ্যক সেনা আৰু সামান্য পৰিমাণৰ অস্ত্ৰ-শস্ত্রৰে ৬ কুমাও ৰেজিমেণ্টৰ সেনাই এই যুদ্ধ আৰম্ভ কৰিছিল । যুদ্ধত শত্ৰু পক্ষই ২০ দিনলৈকে তিব্বত সীমান্তৰ পৰা পিছুৱাই আহি ৱালঙত থমকি ৰৈছিল ।
পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং আৰু চেলাৰ পৰা চীনা সৈন্যই সৰ্বশক্তিৰে যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈ থকাৰ বিপৰীতে পূব দিশত ৱালংত মাত্ৰ এটা ৰেজিমেণ্ট ৰাখিছিল বুলি সদৰী কৰিছিল প্ৰাক্তন এগৰাকী ব্ৰিগেদিয়েৰ কুলদ্বীপ সিঙে । চীনে পৰিকল্পনা কৰিছিল যে,বৃহৎ সেনা টাৱাং জিলাত ৰাখি কম সংখ্যকেৰে ৱালঙত আক্ৰমণ কৰাৰ । ১৯৬২ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে চীনা সৈন্যই তেতিয়াৰ কামেং ডিভিজনৰ ঢলা চেক্টৰৰ কিবিথো আক্রমণ কৰিছিল ।
ৱালঙৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কিবেটু মেকমোহন লাইনৰ সমীপৱৰ্তী আৰু ইয়াৰ দ্বিতীয় দিনা ৱালং অঞ্চলত ভয়াৱহ আক্ৰমণ কৰিছিল চীনা সৈন্যই। মেচিন গান,ম'ৰ্টাৰৰ জৰিয়তে দক্ষিণ দিশৰ চামা নামৰ ঠাইৰ পৰা দুটা চীনা সৈন্যৰ বেটেলিয়ন আৰু প্ৰায় ৩০০ সৈন্যই মাজ নিশা আক্ৰমণ কৰে । এই ঠাইত চীনৰ ৭০ জন সেনা নিহত আৰু ভাৰতৰ ৪ জন সেনা শ্বহীদ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ৬ নং কুমাও ৰেজিমেণ্টক উক্ত ঠাইৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ জাৰি কৰিছিল ।
এই সময়তে লেফটেনেণ্ট বিক্ৰম সিং ৰাথোৰক স্থানান্তৰ কৰি কিবেটু আৰু ৱালঙৰ মাজৰ আসি হিলছ দখল কৰিবলৈ নিৰ্দেশ দিয়ে । বহু কষ্টৰ মূৰত আসি হিলছ দখল কৰিবলৈ সক্ষম হয় । এই যুদ্ধত ভাৰতীয় সেনাৰ প্ৰায় ৬৪০ জন জোৱান শ্বহীদ হোৱাৰ উপৰিও ৬ কুমাও ৰেজিমেণ্টৰ প্ৰায় ৪০০ জন জোৱান শ্বহীদ হৈছিল। ইয়াৰ বিপৰীতে চীনা সৈন্যৰ বহুতো জোৱান নিহত হৈছিল এই যুদ্ধত। ভাৰতীয় সেনাই প্ৰত্যেক বছৰে ১৪ নৱেম্বৰত ৱালঙত ভাৰতীয় সেনাৰ এই বীৰ শ্বহীদসকলক স্মৰণ কৰে । বৰ্তমান ৱালংত ভাৰতীয় বায়ুসেনাৰ এখন এডভান্স লেণ্ডিং গ্ৰাউণ্ড সম্পূৰ্ণৰূপে স্থাপন কৰা হৈছে ।
অৰুণাচল প্ৰদেশত ইতিমধ্যে 8 খন এনেধৰণৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড সষ্টম হৈ আছে । ১৯৬২ৰ যুদ্ধত কুমাও ৰেজিমেণ্টে চৰকাৰৰ পৰা এয়াৰফ'ৰ্চৰ সহায় বিচাৰিছিল যদিও সেয়া দিবলৈ অমান্তি হৈছিল যাৰ পৰিণতিত ভাৰতে বহুতো সেনা হেৰুৱাবলগীয় হয় । ইতিমধ্যে চৰকাৰ আৰু ভাৰতীয় সেনাৰ তৰফৰ পৰা কেইবাটাও যুদ্ধ স্মাৰক সাজি উলিয়াইছে আৰু প্ৰতিটো স্থানতে এজনকৈ সেনা জোৱানৰ যুদ্ধৰ কাহিনী জড়িত হৈ আছে।
লগতে পঢ়ক:ধেমাজিত সন্মিলিত যুৱ বিকাশ অসমৰ উদ্যোগত বিনামূলীয়া ছাত্ৰাবাস মুকলি