ETV Bharat / state

ৰঙাপৰাত CPIM ৰ বিশাল সভা - শোণিতপুৰ জিলা

শোণিতপুৰ জিলা ৰঙাপৰাত আজি CPIM দলৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনত অসমৰ বিশিষ্ট বাওঁপন্থী নেতা কমৰেড হেমেন দাস, চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড দেৱেন ভট্টাচাৰ্য্যও উপস্থিত থাকে ।

CPIM election Meeting At Rangapara
ৰঙাপৰাত CPIM ৰ বিশাল সভা
author img

By

Published : Jan 24, 2021, 10:50 PM IST

ৰঙাপৰা, 24 জানুৱাৰী: শোনিতপুৰ জিলাৰ ৰঙাপৰাত আজি CPIM ৰ এখন বিশাল নিৰ্বাচনী সভা এখন অনুষ্ঠিত হয় ৷ CPIM ৰ সভাখনত ৰাজ্যিক সমিতিৰ সদস্য ৰবীন তামুলীৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ মুকলি সভাত ভাষণ প্ৰসংগত চি পি আই (এম)ৰ জ্যেষ্ঠ ৰাজ্যিক নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানী-আম্বানীৰ স্বাৰ্থত তিনিখনকৈ কৃষি আইন বলপূৰ্বক ভাৱে গ্ৰহণ কৰিছে। এই বিজেপি চৰকাৰ খনৰ বাবেই আজি কৃষক সকলে প্ৰচণ্ড শীতকো নেওচি দিল্লীত আন্দোলন কৰিবলৈ বাধ্য হৈছে। ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই কৃষক সকলে এই কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম চলাই যোৱাৰ সংকল্প ল'বলগীয়া হৈছে।

ৰঙাপৰাত CPIM ৰ বিশাল সভা

ইফালে অসমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য্যই কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত অসমবাসী ৰাইজে বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰখনক পৰাস্ত কৰিব লাগিব । বিগত দিনত বিজিপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে । বিধান সভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ ইতিমধ্যে কংগ্ৰেছ, এ আই ডি এফ, চি পি আই (এম), চি পি আই এল এম, অসম গণ মৰ্চা আৰু আঞ্চলিক গণ মৰ্চা একত্ৰিত হৈছে। আসন বুজা বুজিৰে বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে চাহ শ্ৰমিকৰ নেতা ৰয়েল চেৰেঙে বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে, ৰঙাপৰা অঞ্চলত কোনো ধৰণৰ উন্নয়ন সাধন কৰিব নোৱাৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে । নৰেন্দ্ৰ মোদীয়ে যোৱাকালি ভূমিহীন লোকক ভূমিৰ পটা প্ৰদান কৰিছে; কিন্তু আজিও ৰঙাপৰাৰ বহু অঞ্চলৰ ৰাইজে ভূমিপট্টা লাভ নকৰিলে। মিথ্যাচাৰ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰে ৰঙাপৰাত এখন উন্নত মানদণ্ডৰ চিকিৎসালয় নিৰ্মান কৰিবলৈ সক্ষম ন’হল বুলিও কটাক্ষ কৰে । তাৰোপৰি 'কা' বাতিল কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা আদায় দিয়ক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে উপস্থিত নেতা সকলে ৷

লগতে পঢ়ক-আমগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.