ETV Bharat / state

তেজপুৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - তেজপুৰ

স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ অৰুণোদয় আঁচনিৰ শুভ উদ্বোধন কৰে ৷ আঁচনিখন অসমৰ সৰ্ববৃহৎ আঁচনি বুলি নিজৰ ভষণযোগে উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি
অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি
author img

By

Published : Aug 19, 2020, 9:10 PM IST

তেজপুৰ, 19 আগষ্ট: বুধবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ অৰুণোদয় আঁচনিৰ শুভ উদ্বোধন কৰে স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজিলৈ চৰকাৰে লোৱা আঁচনি সমূহৰ ভিতৰত অৰুণোদয় আঁচনিখন অসমৰ সৰ্ববৃহৎ আঁচনি বুলি নিজৰ ভষণযোগে উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই আঁচনিৰ জৰিয়তে প্ৰতিটো সমষ্টিৰে 15 হাজাৰ পৰিয়াল উপকৃত হ'ব ৷ যি পৰিয়ালত বিধৱা মহিলা, বিয়া নোহোৱা জীয়ৰী, বিশেষভাৱে সক্ষম আদি লোক আছে তেনেবোৰ পৰিয়ালে এই আঁচনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

তেজপুৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰে স্বাস্থ্যমন্ত্ৰীয়ে

আনহাতে যিসকল লোকৰ 15 বিঘা বা তাতোতৈ অধিক মাটি আছে, ঘৰত ৰেফ্ৰিজেৰেটৰ, ৱাচিং মেচিন আদি আছে, তেওঁলোকে এই আঁচনিৰ দ্বাৰা উপকৃত নহয় ৷ যিসকল ব্যক্তিৰ ঘৰত বিনামূলীয়া চাউলৰ কাৰ্ড নাই কিন্তু আৰ্থিভাৱে দুৰ্বল, গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলত যিসকল আৰ্থিকভাৱে দুৰ্বল পৰিয়াল আছে তেওঁলোকেও ক্ৰমে দ্বিতীয় আৰু তৃতীয়তে এই আঁচনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব ৷ আঁচনি খনে মুঠ 19 লাখ পৰিয়ালক সামৰি লৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লব লোচন দাস, বৰচলাৰ বিধায়ক গণেশ লিম্বু, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে, স্বাস্থ্য আৰু বিত্ত বিভাগৰ মুৰব্বী সচিব সমীৰ সিংহ ৷

লগতে পঢ়ক: ৫০ শতাংশ সদস্যৰে চলিব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.