ETV Bharat / state

৭ দিন ধৰি নিৰুদ্দেশ অৰুণাচলৰ এজন যুৱক

author img

By

Published : Mar 25, 2022, 10:14 PM IST

অৰুণাচলৰ পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ এজন যুৱক যোৱা সাতদিন ধৰি হৈ আছে নিৰুদ্দেশ । ১৭ মাৰ্চতে ভালুকপুঙ ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈছিল শম্ভূ জীৱশো ।

Arunachal youth missing from bhalukpong
নিৰুদ্দেশ হোৱা ২৭ বছৰীয়া যুৱক শম্ভূ জীৱশো

তেজপুৰ, ২৫ মাৰ্চ: অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ এজন ২৭ বছৰীয়া যুৱক ভালুকপুঙ ৰেলৱে ষ্টেচনৰ পৰা নিৰুদেশ । ১৭ মাৰ্চৰ সন্ধিয়া ৬.৩০ বজাত ভালুকপুঙ ষ্টেচনৰ প্লেটফৰ্মত যুৱকজনক দেখা পোৱা গৈছিল ৷ তাৰ পিছত যুৱকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে । ইতিমধ্যে পৰিয়ালৰ লোকে ভালুকপুঙ থানাত দাখিল কৰিছে নিৰুদেশ সম্পৰ্কীয় এখন এজাহাৰ ।

শেহতীয়াকৈ শম্ভূ জীবেশো নামৰ যুৱক জনক গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত প্ৰত্যক্ষদৰ্শীয়ে দেখা আৰু কামাখ্যা ৰেলৱে ষ্টেচনৰ চি চি কেমেৰাৰ ফুটেজতো প্ৰত্যক্ষ কৰাৰ কথা জানিবলৈ দিছে জেষ্ঠ ভাতৃ বিমল জীবেশোয়ে ।

missing a guy in bhalukpung

যোৱা ২০ তাৰিখৰ পৰা ২২ তাৰিখলৈ কামাখ্যা ষ্টেছনত দেখা গৈছিল যুৱকজনক । ইয়াৰ পিছতে কামাখ্যা ৰেল ষ্টেচনৰ লগতে বিভিন্ন স্থানত বিচাৰি চলাথ কৰিছে তেওঁৰ ভাতৃৰ লগতে পৰিয়ালৰ লোকে ।

যুৱকজনৰ ভাতৃ বিমলে ইতিমধ্যে কামাখ্যা ষ্টেচনৰ আৰক্ষীৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে । যুৱকজনৰ সন্ধান পালে 9862981643, 7085811477 আৰু 8259039825 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: 2024 ত কেন্দ্ৰলৈ কংগ্ৰেছৰেই চৰকাৰ আহিব: মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.